অসমৰ পিছপৰা অঞ্চল বা শ্ৰেণীৰ কিশোৰী, মহিলাসকলক নিজৰ প্ৰতিভা আৱিষ্কাৰ কৰা আৰু আগবাঢ়ি অহাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে ধেমাজী জিলাৰ খেম কুমাৰী চেত্ৰীয়ে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। অসমৰ এখন ভিতৰোৱা ঠাইৰ পৰা ওলাই অহা উচ্চ শিক্ষিতা খেম কুমাৰী চেত্ৰীয়ে এক মহৎ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰিছে Assamese Unlimited নামৰ এক বিশেষ প্লেটফৰ্ম।
১৯৮০-ৰ দশকত ধেমাজীত জন্ম আৰু স্কুলীয়া শিক্ষা গ্ৰহণ কৰা খেমে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ Institute of Integrated Learning and Management –ৰ পৰা HR আৰু Finance –ত MBA ডিগ্ৰী গ্ৰহণ কৰে।
শিক্ষা সমাপ্ত কৰি Adecco, Airtel আদিৰ দৰে প্ৰতিষ্ঠানত HR এগ্জিকিউটিভ হিচাপে সফলতাৰে কৰ্ম জীৱন আৰম্ভ কৰা খেমৰ জীৱনলৈ Founding Years Learning Solutions –ত কেন্দ্ৰ সঞ্চালক হিচাপে যোগদান কৰা সময়খিনিয়ে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। উক্ত প্ৰতিষ্ঠানৰ লগত জড়িত থকা সময়ছোৱাত খেমে শিশু তথা কিশোৰ-কিশোৰীসকলৰ সৈতে কাম কৰাৰ সুযোগ পায়।
বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত লাভ কৰা অভিজ্ঞতাৰে খেমে এতিয়া নিজাকৈ এক প্ৰচেষ্টা হাতত লৈছে, যাৰ নাম হ’ল Assamese Unlimited। ইয়াৰ জৰিয়তে অসমৰ কিশোৰী আৰু মহিলাসকলক শিক্ষা প্ৰদানৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভা আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ দিশত কাম কৰা হৈছে।
‘আমি ভাবো যে এগৰাকী ছোৱালীৰ নিজৰ ওপৰত আত্মবিশ্বাস থাকে তেন্তে তাই যি বিচাৰে সেইটোকে কৰিব পাৰে। মই যেতিয়া পঢ়িবলৈ দিল্লী গৈছিলো তেতিয়া মই আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিছিলো। এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা অহাৰ বাবে মোৰ ইংৰাজী সিমান ভাল নাছিল। যাৰ ফলত মই যথেষ্ট অসুবিধাত পৰিছিলো, আনকি শ্ৰেণী চলি থকা সময়ত কিবা নুবুজিলে প্ৰশ্ন কৰিবলৈও যথেষ্ট অসুবিধা হৈছিল,’ তেওঁ কয়।
লগতে পঢ়ক : এইবাৰ উচ্চতৰ মাধ্যমিকত পোৱা নম্বৰৰ ভিত্তিত কটনত স্নাতক শ্ৰেণীত নামভৰ্তি কৰা নহয়
সেয়ে সাৱলীলভাৱে যাতে ইংৰাজীত কথা পাতিব পাৰে তাৰ বাবে Assamese Unlimited –এ কিশোৰীসকলৰ বাবে বিনামূলীয়া স্পোকেন ইংলিছ কাৰ্য্যসূচী আৰম্ভ কৰিছে। ইয়াৰ উপৰি প্ৰতিটো শিশুয়ে যাতে নিজক প্ৰকাশ কৰাৰ সুযোগ পায় তাৰ এখন মঞ্চ তৈয়াৰ কৰি দিয়াৰ ক্ষেত্ৰটো খেম কুমাৰী চেত্ৰী আৰু তেওঁৰ দলে কাম কৰি আছে।
এই সমূহৰ উপৰি Assamese Unlimited –ত কিশোৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, কাহিনী কোৱা, বিভিন্ন সংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয়।
‘ষষ্ঠ শ্ৰেণীৰ ওপৰৰ যিকোনো কিশোৰীয়ে আমাৰ ইয়াত যোগদান কৰিব পাৰে। ইয়াৰ উপৰি আমি গৃহিণী সকলকো আমাৰ ইয়ালৈ আদৰণি জনাইছো। বিভিন্ন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগত কথা পাতিব পাৰে, এনে পৰিস্থিতিত যদি এগৰাকী মাতৃয়ে অসহজ অভুভৱ কৰে তেন্তে তেওঁক সহায় কৰিবলৈ আমি সদায় আছো,’ তেওঁ লগতে কয়।
এই অভিযানত তেওঁ কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে ‘যিহেতু আমি ছাত্ৰীসকলৰ পৰা কোনো মাচুল সংগ্ৰহ নকৰো’ গতিকে পইচা পাতিৰ ক্ষেত্ৰত নিশ্চয় কিছু সমস্যা হয়। ‘আৰু যিহেতু আমি এটা এন জি অ’ নহয় গতিকে কৰ্পৰেট বিলাকে বৰঙণি দিব নোখোজে’ তেওঁ কয়।
কিন্তু এই সকলো প্ৰত্যাহ্বান নেওচি অসমৰ মহিলা আৰু কিশোৰীসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষৰে খেম কুমাৰী চেত্ৰী আৰু তেওঁৰ দল নিজৰ কামত একান্তভাৱে ব্ৰতী হৈ আছে। অসমৰ উপৰি তেওঁলোকে উত্তৰ-পূব আৰু ভাৰতৰ আন ঠাইৰ মহিলা আৰু কিশোৰীসকলকো এই অভিযানত চামিল কৰিব খোজে।
ইংৰাজীত পঢ়ক : Assamese Unlimited is sowing the seeds of confidence in women and girls