গুৱাহাটীঃ কাজিৰঙাত চলি থকা চিন্তন শিবিৰৰ অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিকাশৰ বাবে চৰকাৰে কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰি বিকাশৰ গতি ত্বৰান্বিত কৰাৰ দিশত কাম কৰাৰ পোষকতা কৰে। ‘চিন্তন শিবিৰ’ৰ সময়ত ২০২৬ চনলৈকে অসমৰ উন্নয়নৰ লক্ষ্য সম্পৰ্কে ৰাজ্যচৰকাৰৰ মন্ত্ৰী আৰু শীৰ্ষ চৰকাৰী বিষয়াসকলৰ সৈতে বিতং আলোচনা কৰা হয়।
তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চিন্তন শিবিৰত অহা চাৰি বছৰৰ ভিতৰত উন্নয়নৰ লক্ষ্য পূৰণৰ বাবে গ্ৰহণ কৰা সাম্ভাব্য পদক্ষেপসমূহৰ ওপৰতো চিন্তা-চৰ্চা কৰা হয়।
ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ২০২৬ চনৰ মাজভাগত কাৰ্যকাল সম্পূৰ্ণ কৰিব। ৰাজ্য চৰকাৰৰ সকলো বিভাগকে ২০২৬ চনৰ বাবে একচন পইণ্ট প্ৰস্তুতৰ লগতে পৰৱৰ্তী সময়ত এই কাৰ্যব্যৱস্থা অন্যান্য বিভাগসমূহৰ সৈতে ভাগ-বাটোৱাৰাৰ দ্বাৰা সহযোগিতা বৃদ্ধিৰ নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে প্ৰতিটো বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ সচিবসকলক নিজ নিজ বিভাগৰ একচন পইণ্ট ৰূপায়ণৰ ক্ষেত্ৰত কাম কৰিবলৈ এটা মূল গোট বিকাশ কৰিবলৈ মুখ্যমন্ত্ৰীয়ো নিৰ্দেশনা দিয়ে।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক স্ব-নিযুক্তিৰ সুযোগ প্ৰদানৰ বাবে ৫,০০০ কোটি টকাৰ উচ্চাভিলাষী আঁচনিৰ ওপৰত প্ৰাথমিক আলোচনা কৰা হয়।
প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্যসকলে অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।
প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ @bibekdebroy নেতৃত্বত এটা প্ৰতিনিধিদলকো মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে।
প্ৰতিনিধিৰ দলটোত সঞ্জীৱ সান্যাল আৰু পিএমঅ’ৰ যুটীয়া সচিব পৱন কুমাৰ চাইনো আছিল ।
অসমৰ সম্পদসমূহৰ কেনেকৈ সৰ্বাংগীন উন্নয়ন সাধন কৰিব পৰা যায় সেই বিষয়েও প্ৰতিনিধি দলটোৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃNDFB মুৰব্বী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ