নিউজ ডেস্কঃ অসমৰ চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ এটা মূল সমস্যা। সীমা বিবাদ সন্দৰ্ভত অসম চৰকাৰে চুবুৰীয়া ৰাজ্যৰ সৈতে এখনৰ পিচত আন এখন বৈঠক অনুষ্ঠিত কৰিলেও আজিলৈকে ইয়াৰ সমাধানৰ পথ ওলোৱা নাই। যাৰ বাবে অসমৰ বুজন পৰিমাণৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি ৰাখিছে।
অসমৰ মুঠ ৮২,৭৫১.৮৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি ৰাখিছে। অসম বিধানসভাৰ মজিয়াত বুধবাৰে সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা সদৰী কৰে।
কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (জ্যেষ্ঠ) সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে, মিজোৰামে ৩,৬৭৫.৭৮ হেক্টৰ, মেঘালয়ে ৩,৪৪১,৮৬০১ হেক্টৰ, অৰুণাচল প্রদেশে ১৬,১৪৪.০০১১৭ হেক্টৰ আৰু নাগালেণ্ডে ৫৯,৪৯০.২১০ হেক্টৰ অসমৰ ভূমি অবৈধভাৱে নিজৰ দখললৈ নিছে।
ইফালে, বিধায়ক আমিনুল ইছলামে (জ্যেষ্ঠ) তিনিটা বছৰত অসমলৈ চুবুৰীয়া ৰাজ্যৰ পৰা আগ্ৰাসনৰ সন্দৰ্ভত প্ৰশ্ন সুধাত মন্ত্ৰী অতুল বৰাই জনাই যে, যোৱা তিনিটা বছৰত পশ্চিম কাৰ্বি আংলং জিলাৰ খান্দুলি, অমপোখোলংগ আৰু উলুকুঞ্চি অঞ্চলত মেঘালয়ে আগ্ৰাসন চলাইছে। লগতে, মিজোৰামে কাছাৰৰ লাইলাপুৰত, নাগালেণ্ডে চৰাইদেউৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত আৰু অৰুণাচলে অসমৰ শদিয়াৰ দেওপানী সংৰক্ষিত বনাঞ্চলৰ লগতে বিশ্বনাথৰ বগীজুলিত আগ্ৰাসন চলাইছে।
চুবুৰীয়া ৰাজ্য কেইখনে কেৱল আগ্ৰাসনে চলোৱা নাই। আগ্ৰাসন চলাই অসমৰ সম্পত্তিও বিনিষ্ট কৰিছে এই চুবুৰীয়া ৰাজ্য সমূহে। মন্ত্ৰী বৰাই জনোৱা অনুসৰি, মেঘালয়ৰ লোকে আগ্ৰাসন কৰি, লংখেৰই এল পি স্কুলত অগ্নিসংযোগ কৰাৰ সমান্তৰালকৈ গৰুৰ গোহালি আৰু বাঁহৰ সাঁকোত অগ্নিসংযোগ কৰিছিল।
আনহাতে, কাছাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মিজোৰামৰ পৰা চলোৱা গুলীচালনাত অসম আৰক্ষীৰ ছজন জোৱান নিহত হোৱাৰ লগতে ৬৪ জন আৰক্ষীক গুলীবিদ্ধ, ১৪ জন অসামৰিক লোক গুলীবিদ্ধ আৰু ৪ খন বাহনত অগ্নিদগ্ধ কৰিছিল। ইফালে চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল নাগালেণ্ডৰ লোকে গছ-গছনি কাটে।
একেদৰে, অৰুণাচল প্ৰদেশৰ লোকে শদিয়াৰ দেওপানী সংৰক্ষিত বনাঞ্চলত গছ-গছনি কটাৰ লগতে বিশ্বনাথৰ বগীজুলিত অস্থায়ী পামঘৰত অগ্নিসংযোগ কৰে বুলি জানিবলৈ দিয়ে।
তদুপৰি, ২০২০ ৰ ফেব্ৰুৱাৰীত হাইলাকান্দি জিলাৰ ভৈৰৱী মালাৰ ওচৰৰ মূলৱানা এল. পি. স্কুলত মিজো দুর্বৃত্তই বিস্ফোৰণ ঘটোৱাৰ ফলত স্কুলখনৰ ক্ষতিসাধন হয়। একেদৰে, ২০২১ চনত মিজো দুৰ্বৃত্তই ৬ বাৰকৈ অসম সীমান্তত আগ্ৰাসন চলাই ক্ষতি সাধন কৰিছিল।
লগতে পঢ়ক – ৪২ হাজাৰ চাকৰি নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক