নিউজ ডেস্ক : শুকুৰবাৰে ঘোষণা কৰা UPSC ৰ Civil Services 2020ৰ ফলাফলত হাইলাকান্দি জিলাৰ আহমেদ হাছানুজ্জামান চৌধুৰীয়ে স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
হাইলাকান্দিৰ লখিৰবন্দ নিৱাসী AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ হাছানুজ্জামানে ২৮৩ নং ৰেংক লাভ কৰিছে। তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।
উল্লেখযোগ্য যে UPSC ৰ Civil Services –ত স্থান লাভ কৰা প্ৰাৰ্থীসকলে কেন্দ্ৰীয় চৰকাৰৰ আই এ এছ, আই পি এছ, আই এফ এছ আদি বিভিন্ন মৰ্যাদাপূৰ্ণ পদত যোগদানৰ যোগ্যতা অৰ্জন কৰে।
এইবাৰ UPSC ত শীৰ্ষস্থান লাভ কৰিছে বিহাৰৰ কাটিহাৰৰ শুভম কুমাৰে, তেওঁ আইআইটি বোম্বেৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ বিটেক।
আনহাতে ভূপালৰ MANITৰ ইলেক্টিকেল ইঞ্জিনিয়াৰিঙৰ বিটেক জাগৃতি অৱস্তিয়ে দ্বিতীয় স্থানত লাভ কৰিছে। শীৰ্ষৰ ১ ৫জনৰ ভিতৰত ১৩গৰাকী পুৰুষ আৰু ১২গৰাকী মহিলা।
উল্লেখযোগ্য যে এইবাৰ মুঠ ৭৬১গৰাকীক নিয়োগৰ বাবে বাছনি কৰা হৈছে। ৮ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে UPSC ৰ মেইন পৰীক্ষা অনুষ্ঠিত হৈছিল, একেদৰে ২ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈকে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰ)-ত ১৩ টা পদত নিয়ুক্তি সৃষ্টি