নিউজ ডেস্কঃ খেলো ইণ্ডিয়া মহিলা ভাৰোত্তোলনত প্ৰতিযোগিতাত অসমৰ জয়যাত্ৰাৰ অব্যাহত আছে। বৃহস্পতিবাৰে অসমৰ আইশু বৰুৱাই ও আজৰি আনিলে ৰূপৰ পদক।
৮১ কেজি শাখাত য়েটছত ৪৫ কেজি, ক্লিন এণ্ড জার্কত ৫৫ কেজি সহ মুঠ ১০০ কেজি উত্তোলন কৰি ৰূপৰ পদক দখল কৰিবলৈ সমৰ্থ হয় অসমৰ খেলুৱৈ গৰাকী।
উল্লেখযোগ্য যে, খেলো ইণ্ডিয়া মহিলা ভাৰোত্তোলনত প্ৰতিযোগিতাত অসমৰ দিতিমণি সোণোৱালে স্বৰ্ণ আৰু জানমণি পেগুৰ ৰূপৰ পদৰ সৈতে আৰু এটা আইশু বৰুৱাৰ ৰূপৰ পদক সংযোজিত হ’ল। এতিয়ালৈকে অসমে এটা স্বৰ্ণ আৰু দুটা ৰূপসহ তিনিটা পদক দখল কৰিবলৈ সক্ষম হৈছে।