নিউজ ডেস্ক- অসম সন্তান অম্লান বৰগোহাঁয়ে ৰাষ্ট্ৰীয় এথলেটিকচত সাফল্যৰ ধাৰা অব্যাহত ৰাখিছে। ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত ১৫-১৮ মেলৈ ২৬সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অম্লানে পুৰুষৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰে।
উল্লেখ্য যে, ৰাঁচীৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনত ২০০ মিটাৰ দৌৰৰ ফাইনেলত অম্লানে ২০.৮৩ ছেকেণ্ড সময়মানেৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ ২০০ মিটাৰৰ হিছত ২০.৮৫ ছেকেণ্ড সময় লৈ ফাইনেলত উপনীত হৈছিল।
আনহাতে, অসম সন্তান অম্লান বৰগোহাঁয়ে সোণৰ পদক পোৱাৰ বিপৰীতে ছট্টিশগড়ৰ অনিমেশ কুজুৰে ২০.৯৪ ছেকেণ্ডেৰে ৰূপৰ পদক আৰু কপিলে ২১.৪৪ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে।