ভৃগু বৰঠাকুৰ

নিউজ ডেস্ক : মনত সমাজৰ বাবে কিবা এটা কৰি যোৱাৰ এক দুৰ্বাৰ হেঁপাহ। হয়টো এই হেঁপাহেই তেওঁক আন দহজনতকৈ পৃথকভাৱে জীৱনটোক যাপন কৰাৰ অনুপ্ৰেৰণা যোগাইছে। যাৰ ফলত আজিৰ এই তীব্ৰ প্ৰতিযোগিতাপূৰ্ণ যুগত উচ্চ শিক্ষিত হোৱাৰ পিছতো এটা চাকৰিৰ পৰিৱৰ্তে তেওঁ বাছি লৈছে সমাজসেৱাৰ পথ।

শিক্ষা, মহিলা সবলিকৰণ, বিশেষভাৱে সক্ষম ল’ৰা ছোৱালীক আগবঢ়াই নিয়া আদি বিভিন্ন সমাজসেৱামূলক কামৰ সৈতে জড়িত এগৰাকী জন উচ্চ শিক্ষিত উদীয়মান যুৱক হৈছে ভৃগু বৰঠাকুৰ।

দৰিদ্ৰতা, অসচেতনতা, কম উপাৰ্যন আদিক এখন সমাজৰ আগবাঢ়ি যোৱাৰ পথত থকা প্ৰধান অন্তৰায় হিচাপে গণ্য কৰা ভৃগু বৰঠাকুৰে যোৱা কেইবাবছৰ ধৰি সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ মাজত থাকি সমাজৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই আহিছে।

যিসময়ত আজিৰ প্ৰজন্মই কাৰিকৰী বিষয়ত অধ্যয়ন কৰি বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানত চাকৰি কৰিবলৈ মন মেলে সেই সময়ত মেকানিকেল অভিযন্তাৰ ডিগ্ৰীধাৰী এই যুৱক গৰাকী কিয় সমাজসেৱাৰ প্ৰতি আগ্ৰহী হ’ল?

এই সম্পৰ্কত ইষ্টম’জ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যুৱকজনে কয়, ‘এইয়া হয়টো ২০০৪ চনৰ কথা। আন বছৰৰ সমূহৰ তুলনাত সেইবাৰ অসমত বানে অধিক সংহাৰী ৰূপ ধাৰণ কৰিছিল। সেই সময়ত আমাৰ ঘৰলৈ অহা মোৰ মামায়ে চামগুৰিৰ বান পৰিস্থিতিৰ কথা পাতিছিল, পিছত তেওঁ তেওঁ ঘৰলৈ ঘূৰি যাবলৈ লোৱাৰ সময়ত কেইজনমান লগৰীয়াৰ লগ লাগি মই ওচৰ-চুবুৰীয়াৰ পৰা চামগুৰিত বানৰ কবলত পৰা লোকৰ বাবে বৰঙণি সংগ্ৰহ কৰি মামাৰ হাতত দিওঁ। কেইটামান মাহ যোৱাৰ পিছত গাঁৱৰ এগৰাকী লোকে ধন্যবাদ জনাই মোলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেইটো মোৰ জীৱনৰ প্ৰথমটো সমাজসেৱামূলক কাম আছিল আৰু ই মোক আজিও ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়।’    

২০১৩ চনত ভৃগু বৰঠাকুৰে Care U 365 নামৰ এক ষ্টাৰ্টআপ আৰম্ভ কৰে। উক্ত ষ্টাৰ্টআপটোৰ জৰিয়তে তেওঁ শিক্ষা, কমিউনিটি ডেভেলপমেণ্ট, স্বাস্থ্যৰ সজাগতা সৃষ্টি, মহিলা সবলীকৰণ আদি বিভিন্ন দিশত কাম কৰে।

তেওঁলোকৰ সংস্থাটোৱে বৰ্তমান গুৱাহাটীৰ বিভিন্ন বস্তি অঞ্চল, বণ্ডা, বৰাগাঁও, গনেশ কুঁৱৰী, ৰামসিং চাপৰিকে ধৰি ৫০ খনতকৈ অধিক গাঁৱত কাম কৰি আছে।

মূলত বিশেষভাৱে সক্ষম শিশুসকলৰ জীৱনৰ মান উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে এই সংস্থাটোৱে তেওঁলোকৰ সহায়ৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰে।

কেৱল বিশেষভাৱে সক্ষম শিশুৱে নহয়, শিক্ষাৰ পৰা বঞ্চিত সমাজৰ তলৰ শ্ৰেণীৰ বিভিন্ন স্তৰৰ ল’ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এই সংস্থাটোৱে সমান গুৰুত্ব আৰোপ কৰিছে। মিছন ৫০ প্ৰকল্পৰ অধীনত এতিয়ালৈকে তেওঁলোকে ১৩খন বিদ্যালয় সামৰি লৈছে। ইয়াৰ উপৰি তেওঁলোকে বহুকেইটা লাইব্ৰেৰী আৰু সমূহীয়া অধ্যয়ন কক্ষ আৰম্ভ কৰিছে।

ঠিক সেইদৰে মহিলা সবলীকৰণৰ দিশতো ভৃগু বৰঠাকুৰৰ সংস্থাটোৱে লৈছে বিভিন্ন পদক্ষেপ। Laxmi Education Foundation, Federation of Indian Chambers of Commerce and Industry, FICCI Ladies Organization –আদিৰ সহায়ত সংস্থাটোৱে মহিলা আৰু যুৱতীসকলৰ মাজত বিভিন্ন কৰ্মশালা আয়োজন কৰি আহিছে।  

আনহাতে, এইবছৰ ক’ভিড লকডাউন চলি থকাৰ মাজতে তেওঁলোকে ‘আহাৰ’ নামৰ এক বিনামূলীয়া খাদ্য সামগ্ৰী বিতৰণ কাৰ্য্যসূচী আৰম্ভ কৰে। ১৯ এপ্ৰিলৰ পৰা আৰম্ভ কৰা এই কাৰ্য্যসূচী বৰ্তমান যোৰহাট আৰু গুৱাহাটীত সুচাৰুৰূপে চলি আছে।

এইসমূহৰ উপৰি ভৃগু বৰঠাকুৰ হৈছে এগৰাকী প্ৰকৃতি যুৱক। প্ৰকৃতি সংৰক্ষণৰ উদ্দেশ্যে তেওঁ The Billion Tree নামৰ গছপুলি ৰোপনৰ এক বিশেষ প্ৰচেষ্টা হাতত লৈছে। এই প্ৰচেষ্টাৰ জৰিয়তে ৰাজহুৱা স্থানত ফলৰ গছ ৰোৱাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

ভৃগু বৰঠাকুৰৰ ষ্টাৰ্টআপটোৰ পুঁজিৰ মূল উৎস হৈছে সহৃদয় লোকৰ আৰ্থিক অৰিহণা বা ক্ৰাউডফাণ্ডিং (crowdfunding)। প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্য্যকালত তেওঁলোকে SLAC –ৰ জৰিয়তে অন্ধসকলৰ বাবে প্ৰস্তুত কৰা এখন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিতাপৰ ব্ৰেইলী (Braille) প্ৰিণ্টিঙৰ বাবে ১,০০,০০০ টকাৰ অনুদান লাভ কৰিছিল।

ইয়াৰ উপৰি সমাজ কল্যাণ বিভাগৰ পৰা এককালীন অনুদান হিচাপে তেওঁ ৪০,০০০ টকা লাভ কৰিবলৈ সক্ষম হৈছিল।

লগত পঢ়ক : পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক হত্যাৰ ভাবুকি; অধ্যাপকৰ বিৰুদ্ধে গোচৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply