গুৱাহাটী : চলচ্চিত্ৰমৰ উদ্যোগত অহা ১০ আগষ্টৰ পৰা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ অনুষ্ঠিত হ’ব। যোৱা মাৰ্চ মাহত এই মহোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে ইয়াক পিছুৱাই দিয়া হয়। আগষ্টত হ’বলগীয়া এইবাৰ মহোৎসৱ অনলাইনত অনুষ্ঠিত হ’ব।

মহোৎসৱৰ সঞ্চালক উৎপল দত্তই এক বিজ্ঞপ্তি যোগে জনোৱা মতে ক’ভিড মহামাৰীৰ ফলত ৬ দিনীয়া এই মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাৰ ক্ষেত্ৰটো কিছু সালসলনি কৰা হয়।

‘Our heritage our pride’ শীৰ্ষক থীমৰ চিনেমা বিলাক ‘ফিল্ম ফ্ৰীৱে’ (film freeway) জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম তাৰিখ ২৫ জুলাই।

এইবাৰৰ অনলাইন মহোৎসৱত কেৱল প্ৰতিযোগিতাত বঁটাপ্ৰাপ্ত ছবি বিলাকৰ সৈতে কেইখনমান নিৰ্বাচিত ন-পুৰণি অসমীয়া ছবি আৰু চলচ্চিত্ৰম মহোৎসৱত আগতে বঁটা লাভ কৰা ছবি সমূহৰ প্ৰদৰ্শন কৰা হ’ব বুলি দত্তই জানিবলৈ দিয়ে।

যদি সম্ভৱ হয় তেতিয়া এখন উদ্বোধনী অনুষ্ঠানৰ লগতে এখন নতুন ছবিৰ প্ৰিমিয়াৰ কৰা হ’ব বুলিও তেওঁ কয়।

মহোৎসৱৰ লগত ৰাখি সংগতি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ’ব। বিখ্যাৎ চলচ্চিত্ৰ সাংবাদিক জ্যেতি ভেংকটেশে উক্ত স্মৃতিগ্ৰন্থখন সম্পাদনা কৰিব বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

লগতে পঢ়ক : দীপৰ বিলৰ স্বাৰ্থত পবিতৰাৰ মৰণ? কোনে ল’ব মহানগৰবাসীৰ আৱৰ্জনাৰ ভাৰ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply