নতুন দিল্লী, ২৫ মার্চ : অলিম্পিক পদকৰ লগতে দেশৰ শ্রেষ্ঠতম ক্রীড়া সম্মান ‘খেলৰত্ন’ লাভ কৰাৰ পাছতো যি অপ্রাপ্তিয়ে অসম কন্যা লাভলীনা বৰগোহাঁইক ইস্পিত লক্ষ্যস্থানত উপনীত হোৱাৰ সপোনৰ পৰা ইমানদিনে বঞ্চিত কৰি ৰাখিছে সেয়া কাইলৈ পূৰ্ণ হোৱাৰ আশা আছে। উল্লেখ্য যে নতুন দিল্লীত চলি থকা মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশিপত কাইলৈ স্বর্ণজয়ৰ যুঁজত নামিব লাভলীনা। ৭৫ কিলোগ্রাম শাখাৰ ফাইনেলত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা মুখামুখি হ’ব দুবাৰৰ কমনৱেলথ গেমছন পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰৰ। গৌরবময় কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ প্রতিযোগিতাৰ ফাইনেল খেলিব অসম কন্যাই। কিন্তু কাইলৈৰ স্বপ্নৰ মেচত কেটলিনৰ বিৰুদ্ধে লাভলীনাই ফেভাৰিট।
উল্লেখ্য যে বিশ্ব মহিলা বক্সিঙত ৭৫ কিলোগ্রাম শাখাৰ ইমানদিনে চীনৰ লি কিয়ানে আছিল একক সম্রাজ্ঞী। কাৰণ তেওঁৰ শীৰত আছিল ২০১৮ ৰ বিশ্ব চেম্পিয়নৰ খিতাপ তথা দুবাৰকৈ অলিম্পিকত পদক জয় করা শক্তিশালী সফলতা। চীনে কমনৱেলথ গেমছ নেখেলে বাবেহে অষ্ট্ৰেলিয়াৰ কেটলিন পার্কাৰে সোণ জয় কৰিছিল। কিন্তু লাভলীনাই প্ৰথমবাৰৰ বাবে ৭৫ কিলোগ্রাম শাখাত খেলিয়ে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ মঞ্চত ছেমিফাইনেলত চীনৰ লি কিয়ানক ৪১ ব ব্যৱধানত বিধ্বস্ত কৰি কাইলৈৰ স্বর্ণজয় যুঁজলৈ অগ্ৰসৰ হৈছে। সেয়ে কিয়ানৰ বিৰুদ্ধে চমকপ্রদ প্ৰদৰ্শন কৰাৰ পাছত এতিয়া কাইলৈ পাৰ্কাৰক পৰাস্ত কৰিবলৈ লাভলীনা দৃঢ়, সক্ষম লগতে আত্মবিশ্বাসীও। পার্কাৰৰ নামত আছে কেবল কমনৱেলথ গেমছৰ পদক। বিপৰীতে লাভলীনাৰ নামত অলিম্পিকৰ ব্ৰণ্ড, তিনিটা বিশ্ব চেম্পিয়নশ্বিপন পদক তথ্য এছিয়ান বক্সিঙতো সোণ । বক্সিঙৰ দৃষ্টিকোনোৰে এছিয়ান চেম্পিয়নশ্বিপ। অধিক কঠিন প্রতিযোগিতা কমনৱেলথ গেমছতকৈ।
‘কাইলৈৰ ফাইনেল মেচখন কঠিন হ’ব যদিও প্রশিক্ষকে কোৱা কথাখিনি মই অনুসৰণ কৰিম আৰু পৰিস্থিতি নিৰিক্ষণ কৰি ৰিঙত মোৰ কিছু পৰিকল্পনা প্রয়োগ কৰিম। মই দেশৰ বাবে অন্তিম ক্ষণলৈ যুঁজি থাকিম আৰু চেষ্টা কৰিম আৰু ভাৰতৰ বাবে সোণৰ পদক জয় কৰিবলৈ।’ আজি এইদৰে কয় লাভলীনাই। নতুন ওজন শাখাত খেলা সম্পর্কত ভাৰত গৌৰৱ বক্সাৰগৰাকীয়ে কয় যেতিয়া মই ৭৫ কেজি শাখাত খেলিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া মই একেবাৰে তলৰ পৰাই নতুনকৈ আৰম্ভ কৰিছিলো । ৰাষ্ট্রীয় ক্রীড়া, নেচনেল চেম্পিয়নশিপ আৰু এছিয়ান চেম্পিয়নশিপ খেলি সফলতাও পাইছো। এতিয়ালৈকে এই শাখাত মোৰ সকলো খেল সুচাৰুৰূপে সমাপ্ত হৈছে আৰু মই অনুভৱ কৰোঁ যে এই শাখাতো মোৰ বাবে অধিক আৰামদায়ক। কাৰণ মই নিজকে বহুত নিয়ন্ত্রণ কৰাৰ প্রয়োজন নাই।
উল্লেখ্য যে চলিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশিপত নতুন ওজন শাখাত খেলিছে অসম কন্যা লাভলীনাই। কিন্তু নিজৰ চমকপ্রদ প্ৰদৰ্শনৰে ফাইনেলত প্ৰৱেশ কৰি ইতিমধ্যে ৰূপৰ পদক জয় নিশ্চিত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০১৮ ত নতুন দিল্লী তথা ২০১৯ ত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিঙতো ব্ৰঞ্জ লাভ কৰিছিল লাভলীনাই। আনহাতে, টাকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়ৰে ইতিহাস গঢ়ে ভাৰত গৌৰৱ অসম কন্যাই । তেতিয়া লাভলীনাই খেলিছিল ৬৯ কিলোগ্রাম শাখাত। কিন্তু যোৱা কমনৱেলথ গেমছৰ পাছতে লাভলীনাই ওজন শাখা সলনি কৰি এতিয়া ৭৫ কিলোগ্রাম শাখাত খেলিছে। ইতিমধ্যে ৭৫ কিলোগ্রাম শাখাত এছিয়া তথা ৰাষ্ট্ৰীয় স্তৰত সোণ লাভ কৰা লাভলীনাৰ এতিয়া লক্ষ্য বিশ্ব চেম্পিয়নশিপত প্রথমটো স্বর্ণ জয় কৰাৰ সপোন পূৰ্ণ হ’বলৈ এতিয়া বাকী কাইলৈৰ ফাইনেল মেচ।
ইফালে, লাভলীনাৰ লগতে কাইলৈ বিশ্ব চেম্পিয়নশিপত ক্রমাগত দ্বিতীয়টো সোণ জয়ৰ লক্ষ্যৰে ৰিঙত নামিব ৫০ কিলোগ্রাম শাখাত খেলা ভাৰতৰ নিখাত জাৰিনেও। বিগত ইস্তানবুলত হোৱা বিশ্ব বক্সিং চেম্পিয়নশিপত সোণ জয় কৰি চমক দিয়া নিখাতে এইবাৰো একেই ধাৰাবাহিকতা তথা সফলতা লৈ সাজু হৈছে স্বর্ণ জয়ৰ মেচলৈ। কাইলৈ হ’বলগা ফাইনেলত নিখাত মুখামুখি হ’ব দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামৰ। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশিপত ৫০ কিলোগ্রাম শাখাত খেলিছে নিখাতে। যোৱা বছৰ ইষ্টানবুলত ৫২ কিলোগ্রাম শাখাত খেলি বিশ্ব চেম্পিয়নশিপৰ সোণ জয় কৰা নিখাতে ইয়াৰ পূর্বে কিন্তু ৫০ কিলোগ্রাম শাখাত খেলি বার্মিংহাম কমনৱেলথ গেমছত সোণ লাভ কৰিছিল। দক্ষতা আৰু শক্তিৰে আত্মবিশ্বাসী নিখাতে ছেমিফাইনেলত কলম্বিয়াৰ ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ইংগ্রিট ভেলেন্সিয়াক আউটপাঙ্ক কৰি ৫-০ ৰ ব্যৱধান জয় হৈ হেলাৰঙে ফাইনেলত প্ৰৱেশ কৰিছে।
ইফালে, আজি প্রতিযোগিতাত ভাৰতক প্ৰথমটো সোণ দিয়ে ৪৮ কিলোগ্রাম শাখাত খেলা নিতু সাংঘাছে। ২০২২ ৰ বার্মিংহাম কমনৱেলথ গেমছৰ স্বর্ণজয়ী তথা দুবাৰৰ বিশ্ব যুৱ চেম্পিয়ন নিতুৰে আজি ফাইনেলত দুবাৰৰ এছিয়ান চেম্পিয়নশিপৰ ব্ৰঞ্জৰ পদক বিজয়ী মংগোলিয়াৰ লুটছাইখান আলটানডেচেম্বৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশিপত সোণ লাভ কৰিলে।
উল্লেখ্য যে ৰিঙত নমাৰ পূৰ্বেই আত্মবিশ্বাসী আছিল নিতু। কাৰণ ছেনিফাইনেলত প্ৰতিশোধ পূৰ্ণ কৰি ৫-২ ৰ ব্যৱধানত পৰাস্ত কৰিছিল যোৱা বছৰৰ বিশ্ব চেম্পিয়নশিপৰ ৰূপৰ পদক বিজয়ী কাজাখস্তানৰ আলুৱা বালকি বকোভাক। উল্লেখ্য যে এছিয়াৰ বৰ্তমানৰ চেম্পিয়ন আলুৱাৰ হাততে যোৱা বিশ্ব চেম্পিয়নশিপৰ কোৱাটাৰ। ফাইনেলত পৰাস্ত হৈছিল নিতু। ছেমিফাইনেলৰ সফলতাই আজি নিতুক দিছিল অতিৰিক্ত মানসিক শক্তি। স্মর্তব্য যে চলিত প্রতিযোগিতাতে আৰ ই চিৰ হেট্রিক অর্জনৰে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ অনন্য সফলতা লাভ কৰিছিল নিতুৱে। কোৱাৰ্টাৰ ফাইনেলত নিতুৱে জাপানৰ দুবাৰৰ বিশ্ব চেম্পিয়নশিপৰ ব্রহ্মজয়ী অভিজ্ঞ মাডোকা ৱাডাকা দ্বিতীয় ৰাউণ্ডতে ধৰাশায়ী কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে, তাজিকিস্তানৰ চুমাইয়া ক’ছিনোভাব বিৰুদ্ধে থ্রি-কোৱাৰ্টাৰ ফাইনেলত প্রথম ৰাউণ্ডতে জয় সাব্যস্ত কৰা ২২ বছৰীয়া নিতুই প্ৰথম ৰাউণ্ডৰ মেচতো আৰ এছ চিৰ জড়িয়তে প্ৰথম ৰাউণ্ডতে জয়লাভ কৰিছিল দক্ষিণ কোৰিয়াৰ কাং ডোয়েনৰ বিৰুদ্ধে।