নিউজ ডেস্ক : টকিঅ’ অলিম্পিকৰ পৰা বাদ পৰিল অসমৰ দৌৰ ৰাণী হিমা দাসে। সোমবাৰে ইণ্ডিয়ান গ্ৰাঁ প্ৰি-৪ৰ মহিলাৰ ২০০ মিটাৰৰ ফাইনেলত বিজয় অৰ্জন কৰে যদিও হিমাই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাত বিফল হয়।
পাটিয়ালাত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰি-৪ৰ ফাইনেলত ‘ধিং এক্সপ্ৰেছ’ হিমাই তামিলনাডুৰ এছ ধনলক্ষ্মীক পৰাস্ত কৰে।
২২.৮৮ চেকেণ্ডত লাইন স্পৰ্শ কৰা হিমাই ০.০৬ চেকেণ্ডৰ বাবে ৰাষ্ট্ৰীয় ৰেক’ৰ্ডৰ পৰা পিছ পৰি ৰয়। আনহাতে, টকিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা সময়সীমা হৈছে ২২.৮০ চেকেণ্ড, হিমা এইক্ষেত্ৰত ৮ চেকেণ্ড পিছ পৰি ৰয়।
লগতে পঢ়ক : সোমবাৰে ৰাজ্যত ৩৫ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু; আক্ৰান্ত ২,৮০৫ গৰাকী
অৱশ্যে, ৪০০ মিটাৰ ট্ৰেক ইভেণ্টৰ ফলাফল আজি নিৰ্ণয় হ’ব। কিন্তু এই ক্ষেত্ৰত হিমাৰ যোগ্যতা অৰ্জন কৰাৰ যথেষ্ট ক্ষীণ। টকিঅ’ অলিম্পিকৰ ৪০০ মিটাৰ ট্ৰেক ইভেণ্টত যোগ্যতা অৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা সময়সীমা হৈছে ৪৩.০৫ চেকেণ্ড।
২০১৮ চনৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গে’মছত হিমাই ৫০.৭৯ চেকেণ্ডত লাইন স্পৰ্শ কৰি ৰাষ্টীয় ৰেক’ৰ্ড স্থাপন কৰিছিল।