নিউজ ডেস্কঃ পুনৰবাৰ ভাৰতৰ লন বলৰ মহিলা খেলুৱৈসকলে ভাৰতলৈ আজুৰি আনিলে স্বর্ণপদক। মালয়েছিয়াৰ কুৱালালামপুৰত চলি থকা ১৪ সংখ্যক এছিয়া লন বল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ভাৰতীয় দলতো অসমৰ অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়াও আছিল।

বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতে অতি সহজেই ঘৰুৱা দল মালয়েছিয়াক পৰাস্ত কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ভাৰতীয় দলতো নয়নমণি শইকীয়াৰ লগতে লাভলী চৌৰে, পিংকী সিং আৰু ৰূপা ৰাণী তিকী ।

ভাৰতীয় দল আৰু নয়নমণি শইকীয়াৰ সফলতাত অসম লন বল সন্থাৰ সম্পাদক নৱ বসুমতাৰীয়ে অভিনন্দন জনাইছে।

উল্লেখযোগ্য যে, এই একেটা দলে ২০২২ ৰ বার্মিংহাম কমনৱেলথ গেমছটো স্বৰ্ণ জয়ৰে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply