লামডিঙ : অসমতো ওলাইছে নিৰব মোদী। বেংকৰ পৰা কোটি কোটি টকা লৈ উদ্ধাও হৈছে এজন ধৰুৱা। ভাৰতীয় ষ্টেট বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈ অন্তৰ্ধান হ’ল লামডিঙৰ এজন ঠিকাদাৰ।
অনন্ত চৰণ নায়ক নামৰ ৰে’লৱেৰ এজন ঠিকাদাৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা ১০০ কোটি ৬৯ লাখ টকাৰ ঋণ লৈছিল। কিন্তু ঋণ পৰিশোধ কৰাৰ পৰিৱৰ্তে অনন্ত চৰণ নায়ক এতিয়া অন্তৰ্ধান। এতিয়া ঠিকাদাৰজনক বিচাৰি নাপাই দণ্ডাধীশৰ উপস্থিতিত বেংক কৰ্তৃপক্ষই নায়কৰ ঘৰত তলা লগাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে পঢ়ক : মৰিয়নিত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু
বেংকৰ ঋণ পৰিশোধ নকৰি পলায়ন কৰা ৰে’লৱে ঠিকাদাৰ অনন্ত চৰণ নায়কৰ দুটা অট্টালিকা ছীল কৰা হৈছে। অনন্ত চৰণ নায়কৰ অট্টালিকা বাজেয়াপ্ত কৰাৰ লগতে সম্পত্তি জব্দ কিৰব বেংকে।