নিউজ ডেস্কঃ অসম চৰকাৰে বৃহস্পতিবাৰে বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ৰ ধাৰা ৩৫ ৰ অধীনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পক ২০০.৩২ বৰ্গ কিলোমিটাৰ এলেকালৈ সম্প্ৰসাৰণ কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় উদ্যানখন সম্প্ৰসাৰণ কৰিলে মুঠ এলেকা হ’ব ২৭৯.১৩ বৰ্গ কিলোমিটাৰ।

বৃহস্পতিবাৰে অতিৰিক্ত মুখ্য সচিব (পৰিৱেশ আৰু বন) ৰবি শংকৰ প্ৰসাদে এখন অধিসূচনা জাৰি কৰে।

মঙ্গলদৈ বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন বিষয়া (ডিএফঅ’) প্ৰদীপ্তা বৰুৱাই কয়, “ই উদ্যানখনৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ বাবে নতুন আশা কঢ়িয়াই আনিব।”

৭৮.৮২ বৰ্গ কিলোমিটাৰ এলেকাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ২০০.৩২ বৰ্গ কিলোমিটাৰলৈ সম্প্ৰসাৰিত কৰা ৰাজ্য চৰকাৰে এইয়া দ্বিতীয়টো সংযোজন ।

দ্বিতীয়টো সংযোজনৰ পিছত, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূব সীমা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শিঙৰী লৈকে সম্প্ৰসাৰণ হ’ব, যি বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পশ্চিম সীমা স্পৰ্শ কৰিব। একেদৰে, পশ্চিম সীমা সম্প্ৰসাৰিত কৰা হ’ব দৰং জিলাৰ শ্যামপুৰ অঞ্চললৈ ।

প্ৰদীপ্তা বৰুৱাই কয় যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানে এতিয়া ১৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদী অঞ্চলৰ পশ্চিমৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূবলৈ সংযোজন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply