নিউজ ডেস্ক : ক’ভিড পৰিস্থিতি আৰু বাৰিষাৰ বাবে যোৱা কেইবা মাহ ধৰি বন্ধ হৈ থকা দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৃহস্পতিবাৰে পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়া হয়।   

এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই কয় জনাই যে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিবলগীয়া পৰ্য্যটক সকলে ক’ভিড প্ৰট’কল মানি চলিব লাগিব।

আনহাতে, শেহতীয়া বানপানীত উদ্যানখনৰ ভিতৰৰ বহু বাট পথ ক্ষতিসাধন হোৱাৰ ফলত বৰ্তমান উদ্যানখনৰ মাত্ৰ কিছু অংশহে ছাফাৰিৰ বাবে মুকলি কৰা হ’ব।

ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, নল গাহৰি, হাতী, বনৰীয়া ম’হ আদিৰ বাবে জনাজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান তেজপুৰৰ পৰা মাত্ৰ ৩২ কিঃমিঃ আৰু গুৱাহাটীৰ পৰা ১৪০ কিঃমিঃ দূৰত্বত অৱস্থিত।

উল্লেখযোগ্য যে প্ৰত্যেক বছৰে সাধাৰণতে বাৰিষা কালত অসমৰ সমূহ ৰাষ্ট্ৰীয় উদ্যান পৰ্য্যটকৰ বাবে বন্ধ কৰি দিয়া হয় যদিও এইবাৰ ক’ভিডৰ বাবে বাৰিষা আৰম্ভ হোৱাৰ আগৰে পৰা ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ বন্ধ হৈ আছিল।

লগতে পঢ়ক : ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply