নিউজ ডেস্ক : পৰ্যটকৰ বাবে মুকলি কৰা হ’ল পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। বাৰিষা কালত বন্ধ হৈ থকাৰ পিছত শুকুৰবাৰে অভয়াৰণ্যখনক সাধাৰণ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়।

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই অভয়াৰণ্যখন মুকলি কৰাৰ কথা ঘোষণা কৰাৰ লগতে পত্নী আইমি বৰুৱাৰ সৈতে অভয়াৰণ্যখনৰ মাজেৰে জীপ আৰু হাতী ছাফাৰি উপভোগ কৰে।

বাৰিষা বানপানীৰ ফলত অভয়াৰণ্যখনৰ বাট-পথ সমূহৰ ক্ষতিসাধন হৈছিল যদিও পৰ্যটকৰ বাবে মুকলি কৰাৰ আগেয়ে গড়কাপ্তানি বিভাগে সেইসমূহ পুনৰ মেৰামতি কৰি দিয়ে বুলি জানিবলৈ দিছে।

৩৮.৮৫ বৰ্গ কিলোমিটাৰ পৰিসৰৰ পবিতৰা অভয়াৰণ্য এশিঙিয়া গঁডৰ বাবে বিশেষভাৱে পৰিচিত। গঁড়ৰ ওপৰি ইয়াত বনৰীয়া ম’হ, সুগৰী পহু, খটীয়া পহু, নাহৰফুটুকী বাঘকে ধৰি বিভিন্ন প্ৰজাতিৰ সাপ, চৰাই তথা কাছ আদি পোৱা যায়।

অভয়াৰণ্যখনৰ বিষয়া-কৰ্মচাৰীয়ে জনোৱা মতে ক’ভিড মহামাৰী আৰু লকডাউনৰ বাবে আন বছৰবিলাকৰ তুলনাত যোৱা বৰ্ষত পবিতৰাত কম পৰ্যটকৰ সমাগম ঘটে।

লগতে পঢ়ক : তিনিচুকীয়াৰ ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply