নিউজ ডেস্কঃ বলিউদত পুনৰ খোজ পেলাবলৈ সাজু এগৰাকী অসম সন্তান। বিশ্বনাথ চাৰিআলিৰ ভাৰ্গৱ শইকীয়াই ‘বোক্সী’ নামৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী ছবিৰ পৰিচালনাৰে বলিউদত ভুমুকি মাৰিবলৈ সাজু হৈছে।
‘বোক্সী’ নামৰ এই ছবিখন ভৌতিক কাহিনীৰ আধাৰত নিৰ্মিত হ’ব। অতি সোনকালেই ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব।
ছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্য গ্ৰহণ ২৩ ছেপ্টেম্বৰত দাৰ্জিলিং আৰু চিকিমৰ গভীৰ অভৰাণ্যত আৰম্ভ হ’ব বুলি পৰিচালক ভাৰ্গৱ শইকীয়াই জনাইছে।
লগতে পঢ়কঃকাজিৰঙাৰ এনিমেল কৰিডৰবোৰত উৰণীয়া সেতু নিৰ্মাণ কৰাৰ পৰিকল্পনা
ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিব অ’টি’টি প্লেটফৰ্মৰ জনপ্ৰিয় অভিনেত্ৰী মানসী মুলতানী আৰু প্ৰসন্না বিষ্টে।
মানসী মুলতানীয়ে ‘পৰী’, ‘কৰখ’ বোলছবি আৰু ‘নেটফ্লিক্স-বি বি চিৰ ‘এ চুইটেব’ল বয়’ চিৰিজত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছে।
উল্লেখ্য যে, ভাৰ্গৱ শইকীয়াই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘এৱেকেনিঙচ্’ আৰু ‘দ্য ব্লেক কেট’ নামৰ দুখন ভৌতিক- ফেন্টাচি চুটি ছবিৰ জৰিয়তে পৰিচালক ৰূপে বিপুল সফলতা লাভ কৰিছিল।