বিশ্বনাথঃ অসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত এক বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগ । বৰ্তমান ৰাজ্যখনৰ ডাঙৰ চাহ বাগিচাৰ সংখ্যা হৈছে প্ৰায় ৮০০।
আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাৰ সংখ্যা হৈছে এক লাখৰো অধিক। ক্ষুদ্ৰ চাহপাত উৎপাদনকাৰীসকলে মুঠ উৎপাদিত চাহৰ প্ৰায় ৩৫ শতাংশ চাহপাত উৎপাদন কৰিবলৈ সক্ষম হৈছে।
সম্প্ৰতি খৰাঙৰ কবলত ক্ষুদ্ৰ চাহ খেতিসমূহ । বিশ্বনাথ জিলাৰ চতিয়া, বিশ্বনাথ চাৰিআলি , বিহালী , হেলেম, গহপুৰ আদি অঞ্চলৰ একাধিক ক্ষুদ্ৰ চাহখেতিসমূহ প্ৰখৰ ৰ’দত দেই-পুৰি মৰহি যোৱা পৰিলক্ষিত হৈছে ।
জানিব পৰা মতে যোৱা বছৰ চাহ বাগিচাসমূহৰ উৎপাদন যথেষ্ট কম । লকডাউনৰ সময়ত কাম বন্ধ হোৱা ফলত পাত টান আৰু দীঘল হোৱা বাবে পুনৰ কলম কাটিবলগীয়া হয় ।
ফলত লকডাউন খোলা পিছতো অতিৰিক্ত এমাহলৈ পাত ওলোৱা নাছিল । মাত্র তিনি মাহহে উৎপাদন হৈছিল । এইবাৰ খৰাং পৰিছে গতিকে বৰ্তমানৰ চাহখেতিৰ অৱস্থা যথেষ্ট উদ্বেগজনক হৈ পৰিছে ।
ফলত এতিয়া এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । অৱশ্যে যিসকল খেতিয়ক আৰ্থিকভাৱে সবল তেওঁলোকে নিজাববীয়াকৈ পানী যোগানৰ ব্যৱস্থা কৰিছে যদিও সাধাৰণ শ্ৰেণীৰ চাহ খেতিয়কসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্থ হৈছে । এই ক্ষতি পৰৱৰ্তীভাৱে কেঁচাচাহ পাতৰ দাম বাঢ়িলেও পূৰণ নহব বুলি আশংকা কৰা হৈছে ।চাহ খেতিয়ক সকলে কৃষি বিভাগক বিষয়টোৰ ওপৰত চকু দিবলৈ আহ্বান জনাইছে।