নিউজ ডেস্কঃ মইনা নায়ক এতিয়া জিএমচিএইচত যুঁজ দি আছে জীৱন-মৃত্যুৰ সৈতে। সোমবাৰে লেপেটকটা চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক মইনা নায়ক দুৰ্ভাগ্যক্ৰমে বাগিচাখনৰ কল ঘৰৰ চিটিচি মেচিনত লাগি গুৰুতৰভাৱে আহত হয়। 

তাৰপাছতে ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে যুৱতীগৰাকীক লৈ অহা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। ইফালে, সহকাৰী শ্ৰম আয়ুক্ত পি পি বাষ্টোলাই লেপেটকটা চাহ বাগিচাক মইনা নায়কক অতি শীঘ্ৰে ১৩,৩৩,০৩৪ টকা ক্ষতিপূৰণ হিচাপে দিবলৈ নিৰ্দেশ দিছে। 

ইতিমধ্যে যুৱতীগৰাকীৰ আশু আৰোগ্যৰ কামনাৰে বিভিন্নজনে প্ৰাৰ্থনা কৰিছে। উল্লেখ্য যে, লেপেটকতা বৰলাইনৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱতী মইনা নায়ক।  এই জৰাজীৰ্ণ বাসগৃহতে মইনাই পিতৃ-মাতৃসহ জীৱন যাপন কৰি আছে ।

পৰিয়ালটো পোহ-পাল দিয়াৰ বাবে একমাত্ৰ উপাৰ্জনকাৰী হিচাপে মইনা নায়কে চাহ বাগিচাখনতে অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল। আৰু এই দুৰ্ঘটনাটি সংঘটিত হোৱাৰ দিনটোতো তেওঁ কলঘৰত কাম কৰিবলৈ গৈছিল। 

ইফালে, প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে চিটিচি মেচিন চলি থকা অৱস্থাত সেই স্থানত যুৱতীগৰাকীয়ে ঝাৰো মাৰি আছিল । সেই সময়তে প্ৰথমে মইনা নায়কৰ চুলি লাগি ধৰে চি টি চি মেচিনত। গাৰ সমস্ত বস্ত্ৰ মেৰিয়াই ধৰে মেচিনে। লগে লগে তেওঁ ঠাইতে ঢলি পৰে । 

তাৰ পাছতে বাগানৰ এখন এম্বুলেঞ্চত মইনাক লৈ যোৱা হয় অসম চিকিৎসা মহাবিদ্যালয়লৈ। তাত তেওঁৰ অৱস্থা অতি সংকটজনক হোৱাত গুৱাহাটীলৈ এখন এম্বুলেঞ্চেৰে লৈ অহা হয় । আৰু বৰ্তমান মইনা নায়ক চিকিৎসাধীন হৈ আছে জিএমচিএইচত। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply