কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ব্লেক ফাংগাছ বা মিউক’ৰ্মাইকোছিচৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধৰ যোগান নিশ্চিত কৰা আৰু ইয়াৰ দ্বাৰা আক্ৰান্তসকলৰ চিকিৎসা বিনামূলীয়াভাৱে কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায়।

শনিবাৰে প্ৰধান মন্ত্ৰী গৰাকীলৈ দিয়া এখন পত্ৰত ছোনিয়া গান্ধীয়ে উক্ত ৰোগৰ চিকিৎসা এইপৰ্য্যন্ত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আচনি আৰু অন্যান্য স্বাস্থ্য বিমা আচনিৰ অধীনত সামৰি নোলোৱাৰ প্ৰসংগ উল্লেখ কৰি এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।  

পত্ৰখনত তেওঁ কয়, ‘মই জানো যে লিপোচমেল এম্ফোটেৰিচিন-বি মিউক’ৰ্মাইকোছিচৰ চিকিৎসাৰ বাবে অন্যন্ত দৰকাৰী। কিন্তু বজাৰত এই ঔষধৰ যথেষ্ট নাটনি হৈ আছে বুলি খবৰ প্ৰকাশ পাইছে।‘

লগতে পঢ়ক : ক’ভিডত আক্রান্ত হৈ পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ কণ্ঠশিল্পী নিলাক্ষী বৰাৰ

উল্লেখযোগ্য ভাৰতত যোৱা কিছু দিনৰ পৰা ব্লেক ফাংগাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বহু ৰোগী আনকি মৃত্যুমুখতো পৰিছে। সাধাৰণতে ক’ভিড ৰোগীসকল এই ফাংগাছৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা গৈছে।

ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহক ব্লেক ফাংগাছ বা মিউক’ৰ্মাইকোচিচক মহামাৰী ব্যাধি আইন, ১৮৯৭ (Epidemic Diseases Act, 1897)-ৰ অধীনত এটা মহামাৰী হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply