গুৱাহাটীঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ নিযুক্তি কেলেংকাৰিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চন্দ্ৰমোহন পাটোৱাৰীৰ দিনত হোৱা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২,২৭৪টা পদত হোৱা নিযুক্তিৰ কেলেংকাৰিৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। দোষী বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
কোনো বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২,২৭৪টা পদত নিযুক্তি দিছিল ২,২৭৪ গৰাকী প্ৰাৰ্থীক । নিযুক্তিপ্ৰাপ্তসকলৰ অধিকাংশই আছিল বিষয়া-কৰ্মচাৰীৰ অঙহী-বঙহী। ইতিমধ্যে নিগমৰ তদানীন্তন MD আনন্দ প্ৰকাশ তিৱাৰীক কৈফিয়ৎ তলবৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তিৱাৰীৰ হস্তক্ষেপতে কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অবৈধভাৱে নিযুক্তি লাভ কৰাসকলক দুমাহৰ ভিতৰতে বৰ্খাস্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।