গুৱাহাটীঃ ড্ৰাগছৰ প্ৰতি উঠি অহা প্ৰজন্মক আসক্তি কমাবলৈ বিশেষকৈ যুৱক-যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ (আইঅ’চিএল) অভিযন্তা বিজয় পাটগিৰিয়ে পুৱাই গুৱাহাটীৰ পৰা পাঠশালালৈ সজাগতা দৌৰ আৰম্ভ কৰে।

মধুমেহ ৰোগত আক্ৰান্ত ৬০বছৰীয়া বিজয় পাটগিৰিয়ে গুৱাহাটীৰ পৰা পাঠশালালৈ একেৰাহে ১০০ কিলোমিটাৰ দৌৰ সম্পন্ন কৰে।

এই সন্দৰ্ভত বিজয় পাটগিৰি কয় “ইয়াৰ জৰিয়তে ড্ৰাগছৰ ব্যৱহাৰৰ বিৰুদ্ধে যুৱক-যুৱতীসকলৰ মাজত সজাগতা সৃষ্টি কৰিব বিচাৰো। সকলোৱে এনে বিপদৰ পৰা আঁতৰি থাকিব লাগে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ পদক্ষেপত মনোনিবেশ কৰা উচিত। আমাৰ পদক্ষেপ বা কামৰ জৰিয়তে আমি আমাৰ জীৱন ৰঙীন কৰি তুলিব পাৰোঁ”।

২০২১ চনৰ ১৯ ডিচেম্বৰত, তেওঁ গুৱাহাটীৰ ইণ্ডিয়ান ফিটনেছ কমিউনিটি (আইএফচি)ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৫২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুৱা ৬ বজাৰ পৰা দুপৰীয়া ২ বজালৈ আঠ ঘণ্টাৰ একেৰাহে দৌৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে এই বৰ্ষৰ গণতন্ত্ৰ দিৱসত গুৱাহাটী শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালকে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply