নিউজ ডেস্ক : সীমা সমস্যাকলৈ অসম-মিজোৰাম সীমান্তত পুনৰ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন ৰাজ্যৰ সীমাত নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা হৈছে বুলি মিজোৰামৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰী কৰে।  

অভিযোগ মতে, হাইলাকান্দি জিলাৰ সীমান্তৱৰ্তী মিজোৰামৰ কোলাচিব জিলাৰ ফাইনুৱাম অঞ্চলৰ বুৱাৰচেপ গাঁৱত যোৱা ১০ জুলাইত অসম আৰক্ষীয়ে কৃষিভূমিৰ অনিষ্টসাধন কৰাৰ পৰাৰ পিছৰে অঞ্চলটোত পৰিস্থিতি উত্তেজনাময় হৈ আছে।

মিজোৰামৰ আৰক্ষী বিষয়া গৰাকীয়ে কয়, ‘অসমৰ ফালৰ পৰা যদি মিজোৰামৰ ভূমিত আকৌ বেদখল কৰিবলৈ চেষ্টা চলাই তেন্তে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমাৰ বাহিনী সাজু হৈ আছে।’

আনহাতে, যোৱা ১৪ জুলাইত কাচাৰ জিলাৰ সীমান্তৱৰ্তী খুলিচেৰাত মিজোৰামৰ লোকে অসমৰ ৬ কিঃমি ভূমিত বেদখল কৰা বুলি উত্থাপন হোৱা অভিযোগ তেওঁ খণ্ডন কৰে।

ইয়াৰ উপৰি অসমৰ আৰক্ষীৰ ওপৰত মিজোৰামৰ গাঁওবাসী গ্ৰেণেড নিক্ষেপ কৰা বুলি উঠা অভিযোগো আৰক্ষী বিষয়া গৰাকীয়ে অস্বীকাৰ কৰে।

ইয়াৰ পূৰ্বে মিজোৰামৰ মুখ্য সচিব গৰাকীয়ে গৃহ মন্ত্ৰ্যালয়ক জনোৱা মতে অসমৰ ভূমিত মিজোৰামৰ দুৰ্বৃত্তই বেদখল চলোৱা বুলি উঠা অভিযোগ সম্পুৰ্ণ ভিত্তিহীন।

গৃহ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব (উত্তৰ-পূব)লৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁ মিজোৰামৰ কোলাচিব জিলাৰ বুৱাৰচেপ গাঁৱৰ কৃষকসকলক অসমৰ আৰক্ষীয়ে আৰু বিষয়াসকলে হাৰাশাস্তি চলোৱাৰ লগতে তেওঁলোকৰ খেতি পথাৰ ধ্বংস কৰা বুলি অভিযোগ কৰে।

মিজো গাঁওবাসী সকলে তেওঁলোকৰ মাটি বচাবলৈ সৰু সৰু বেৰিকেড স্থাপন কৰিছিল বুলি উল্লেখ কৰি সেইসমূহ অসমৰ বিষয়াই ভাঙি পেলাই বুলি তেওঁ কয়।  

আনহাতে মিজোৰামৰ গৃহ বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে মিজোৰামে বেদখল চলাই আছে বুলি অসমে অভিযোগ কৰা যুক্তিসংগত নহয় কাৰণ দুয়োখন ৰাজ্যই আন্তঃৰাজ্যিক সীমাক লৈ ভিন্ন মতপোষণ কৰে।

কেন্দ্ৰীত গৃহ মন্ত্ৰ্যালয়ৰ অধ্যক্ষতাত ২০১৮ চনত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ ভিত্তিত দুয়োখন ৰাজ্যই বিবাদমান অঞ্চলত স্থিতাৱস্থা মানি চলিবলৈ একমত হৈছিল যদিও অসমে সদায় উক্ত স্থিতাৱস্থাক উলংঘা কৰি আহিছে বুলি তেওঁ অভিযোগ কৰে।

ইয়াৰ ফলতে চুবুৰীয়া ৰাজ্য দুখনৰ মাজত সীমা সমস্যাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থাকে বুলি তেওঁ কয়। তেওঁ আৰু কয় যে অসমে নিজৰ বুলি দাবী কৰি থকা ভূমিত শতিকা ধৰি মিজো লোকে বাস কৰি আহিছে।

উল্লেখযোগ্য যে অসমে মিজোৰামৰ সৈতে ১৬৪.৪ কিঃমিঃ আন্তঃৰাজ্যিক সীমা শ্বেয়াৰ কৰে।

লগতে পঢ়ক : ICU-ত মৃত্যুৰে যুঁজি আছে সন্তান; দৃঢ় মনোবলৰ পৰিচয় দাঙি ধৰি কভিড আক্ৰান্ত মাতৃ বহিল পৰীক্ষাত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply