গুৱাহাটীঃ গোৱালপাৰা জিলাত অসম-মেঘালয় সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হ’ল শিশুসহ তিনিজনৰ। ঘটনাটো সোমবাৰে পুৱতি নিশা অসম-মেঘালয় সীমান্তৰ লখিপুৰৰ সমীপৰ কুৰাং গাঁৱত সংঘটিত হৈছিল।
বন বিভাগে জনোৱা মতে, বনৰীয়া হাতীৰ দলটো মেঘালয়ৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল আৰু মানুহক আক্ৰমণ কৰিছিল। লখিপুৰৰ বনবিষয়া ধ্ৰুৱ দত্তই কয়, “হাতীৰ আক্ৰমণত এটি শিশুসহ মুঠ তিনিজন লোক নিহত হয়। ঘটনাটো অসম-মেঘালয় সীমান্তত সংঘটিত হৈছিল। “
এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলে কয় যে এই অঞ্চলটোত বনৰীয়া হাতীৰ দলে প্ৰায়ে অনিষ্ট সাধন কৰে। বনৰীয়া হাতীৰ আক্ৰমণত স্থানীয় লোকৰ বাসগৃহ, সা- সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শস্য ক্ষতিগ্ৰস্ত হৈছিল।
উল্লেখ্য যে, যোৱা মাহত, গুৱাহাটীৰ আমচিং যোৰাবাট অঞ্চলত এজন যুৱকক বনৰীয়া হাতীয়ে আক্ৰমণ কৰিছিল। মে’ মাহত গোৱালপাৰা জিলাৰ শালবাৰী অংটিহাৰা গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল এটা পৰিয়ালৰে তিনিজন সদস্যৰ। এইদৰে এটাৰ পিছত এটাকৈ বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনাই অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।