বৈঠালাংছ’: কাৰ্বি জনগোষ্ঠীৰ ভাষা-সাহিত্য,কৃষ্টি-সংস্কৃতিৰ ধ্বজাবাহক “কাৰ্বি লামেত্ আমাই” অৰ্থাৎ “কাৰ্বি সাহিত্য সভা”ৰ ৩০তম্ বাৰ্ষিক অধিবেশনখনি এইবাৰ আয়োজন হব পশ্চিম কাৰ্বিআংলঙৰ ডংকামোকামত।

২০২২ বৰ্ষৰ ২০ , ২১ আৰু ২২ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ডংকামোকামৰ “ডংকা চাৰ্প’ আক্লাম” ক্ষেত্ৰত অনুস্থিত হব এই অধিবেশন খনি।আজি অধিবেশনৰ লাইখুটা স্থাপন কৰে কাৰ্বিপৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে।

সম্পূৰ্ন কাৰ্বি নীতি নিয়মৰ মাজেৰে স্থাপন কৰা হয় অধিবেশনৰ লাইখুটা ।অনুস্থানত “কাৰ্বি লামেত্ আমাই”ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুকুৰ ছিং ৰংপি, সম্পাদক লীলাধৰ টেৰণকে ধৰি বহুকেইজন নবীন প্ৰবীণ সাহিত্যিক তথা বিষয়ববীয়াৰ লগতে কাৰ্বি সমাজৰ বহুকেইজন হাৱাই,পিম্প’ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply