গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ আদাবাৰীত গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ দ্বাৰা নিৰ্মাণ কৰা অটল উদ্যানখন শুভ উদ্বোধন কৰে। এই উদ্যানখন ৮ বিঘা ভূমি সামৰি ৮ কোটি ৭৪ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ ৰা হৈছে। এই উদ্যানখন ২৫০ গৰাকী দৰ্শকে বহিব পৰা এম্পি থিয়েটাৰ, ধ্যানকক্ষ, কিয়স্ক, মুক্ত ব্যায়ামাগাৰ, মিউৰেল আর্ট ৱৰ্ক জায়েহ, শিশুৰ খেল-ধেমালিৰ সা-সামগ্রী, দিব্যাংগসকলৰ বাৰে খেলৰ বিশেষ আহিলা, ফোৱাৰা, জাপানি গার্ডেন, প্ৰৱেশ পথৰ বিশেষ প্রতিমূর্তি, শিৱ আৰাধনাৰ এক বিশেষ আহি, তদুপৰি পার্কিঙৰ বিশেষ সুবিধাৰে সমৃদ্ধ কৰা হৈছে। উদ্যানখন প্রাক্তন প্রধানমন্ত্রী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত উৎসর্গিত কৰা হৈছে।
এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই উদ্যানখন বর্তমানৰ ৰাজ্য চৰকাৰৰ সাত মাহৰ শাসন কালৰ ভিতৰত সম্পূর্ণ কৰা হৈছে আৰু হেঙেৰাবাৰীত এনে ধৰণৰ আন এখন উদ্যান নির্মাণৰ কামো অতি শীঘ্ৰে সম্পূর্ণ হ’ব। তেওঁ লগতে কয় যে ২০২৩ চনৰ ভিতৰত ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ নিৰ্মাণৰত উদ্ভিদ উদ্যান মুকলি কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে গুৱাহাটাক পর্যাপ্ত সেউজ আবৰণ আৰু অৱসৰ বিনােদৰ সা-সুবিধা থকা এখন আধুনিক চহৰ পৰিণত কৰাৰ বাবে মুকলি ঠাই বিকশিত কৰাৰ দিশত নিৰন্তৰ প্রয়াস চলাই আহিছে। এই প্রয়াসৰে অংশ হিচাপে মহানগৰীত ৫ খন ডাঙৰ উদ্যান নির্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ কয়।
তেওঁ কয় যে সকলাে চৰকাৰী কার্যালয় স্থানান্তৰিতকৰণেৰে মহানগৰীৰ লখৰাত এটি সংহত সঞ্চালকালয়ৰ চৌহদ নির্মাণ প্রক্রিয়া আৰম্ভ কৰা হৈছে আৰু এই কার্যালয়সমূহৰ খালী ঠাইত উদ্যান নির্মাণ কৰা হ’ব। স্বাস্থ্যকৰ জীৱন-যাপনৰ সুবিধা থকা এখন আধুনিক চহৰ হিচাপে গঢ়ি তােলাৰ উদ্দেশ্যৰে গুৱাহাটী মহানগৰীৰ চাৰিওটা সমষ্টিতে ইণ্ড’ৰ ষ্টেডিয়াম, চুইমিং প’ল, ক্ৰীড়া চৌহদ নির্মাণৰ পৰিকল্পনা লােৱা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে মহানগৰীৰ বাবে বৃহৎ আন্তঃগাঁথনি প্রকল্পসমূহ ৰূপায়ণৰ দিশত ৰাজ্য চৰকাৰে আগবাঢ়িছে। গুৱাহাটীত চলি থকা সকলাে উৰণীয়া সেঁতু প্রকল্পসমূহ নিৰ্ধাৰিত সময়ৰ আগতে সম্পূর্ণ কৰা হ’ব বুলি তেওঁ কয়। তেওঁ কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযােগী দলংখন ২০২৩ চনৰ ভিতৰত সম্পূর্ণ হ’ব।
লগতে পঢ়ক : মদ্যপান কৰি গাড়ী চালনা কৰাৰ বিষয় ৰােধ কৰাৰ দিশত উপযুক্ত পদক্ষেপ লােৱাৰ বাবে মুখ্যমন্ত্রীৰ নির্দেশ
আনহাতে পলাশবাৰী-উত্তৰ গুৱাহাটী আৰু কুৰুৱা-নাৰেংগী সংযােগী দলংৰ সৈতে সংযুক্তকৰণৰ অৰ্থে এটা ৰিং ৰােড প্রকল্পৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয় আৰু আৰক্ষী আয়ুক্তৰ কার্যালয় স্থানান্তৰ কৰি নদীৰ সমীপৰ ঠাই মুকলি কৰাৰ জৰিয়তে সৌন্দর্যবর্ধন কৰা হ’ব। মহানগৰীৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাণ্ডু আৰু ধীৰেনপাৰা এফআৰইউ শীঘ্ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ দ্বাৰা পৰিচালিত কৰা হ’ব আৰু এই হাস্পতাল দুখনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰা হ’ব। তেওঁ স্থানীয় জনসাধাৰণ বিশেষকৈ মহিলাসকলক এই উদ্যানখন সমুহৰ ৰক্ষণাবেক্ষণ আৰু ইয়াৰ ওপৰত কঠোৰ নজৰ ৰাখিবলৈ আহ্বান জনায়।