সোণাৰি : জনজাতিকৰণৰ দাবীত উত্তাল সোণাৰি। জনজাতিকৰণৰ দাবীত সোণাৰিত আটাছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। ছায় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আটাছুৰ।

অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে নিজৰ নিজৰ দাবী সমূহ লৈ প্ৰতিবাদ আৰম্ভ কৰিছে। গুৱাহাটীৰ লাষ্ট গেটৰ প্ৰতিবাদ স্থলীত ইতিমধ্যে দল-সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে।

লাষ্ট গেটৰ প্ৰতিবাদ স্থলীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তত প্ৰতিবাদ বিভিন্ন দাবী সমূহৰ সমাধানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে। চৰাইদেউ জিলাৰ সোণাৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৱে।

লগতে পঢ়ক : দীপৰ বিলত বন বিভাগৰ ‘আজাদী কা অমৃত মহোৎসৱ’

টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সৰৱ আটাছু। সদৌ টাই আহোম ছাত্র সন্থা চমুকৈ আটাছু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত লাচিত উদ্যানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply