গুৱাহাটী : গ্ৰেপ্তাৰ হ’ব নেকি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত ? দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে জিলাখনৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গাঁওবুঢ়া নিযুক্তিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উত্থাপন হৈছে। ধনৰ বিনিময়ত গাঁওবুঢ়া নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে জিলাখনত।
লগতে পঢ়ক : যোৱা সোমবাৰৰ পৰা সন্ধানহীন জাগুনৰ এজন যুৱক
এই কেলেংকাৰীত নাম সাঙোৰ খোৱা জিলাখনৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাকৰী কোষত ৫/২১ নম্বৰৰ এক গোচৰ ৰুজু হৈ আছে।