নিউজ ডেস্ক : ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে নিশাৰ পৰা নগদ ধন উলিওৱাৰ সন্দৰ্ভত ATMৰ পূৰ্বৰ কিছু নিয়মৰ সাল-সলনি কৰে। সাল-সলনি কৰা নিয়মবোৰৰ ভিতৰত আছে বিনামূলীয়া মাহিলী অনুমোদিত সীমাৰ বাহিৰত লেনদেনৰ বাবে মাচুল বৃদ্ধি, নতুন বিনামূলীয়া ATM লেনদেনৰ সীমা আৰু প্ৰতিটো লেনদেনত বিনিময় মাচুল বৃদ্ধি।

ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই এক বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যে কেন্দ্রীয় বেংকসমূহৰ মুখ্য কাৰ্যবাহীৰ অধ্যক্ষতাত ২০১৯ চনৰ জুন মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে গঠন কৰা এখন সমিতিৰ পৰামৰ্শৰ আধাৰত এই সাল-সলনিবোৰ ঘোষণা কৰা হৈছে।

বিনামূলীয়া লেনদেনৰ মাহিলী সীমা অতিক্ৰম:

গ্ৰাহকসকলে তেওঁলোকৰ বিনামূলীয়া লেনদেনৰ মাহিলী সীমা অতিক্ৰম কৰিলে ২০ টকাৰ পৰিৱৰ্তে প্ৰতিটো লেনদেনত ২১ টকা পৰিশোধ কৰিব লাগিব। এই বৃদ্ধিৰ পৰিমাণ ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। বেংক সমূহক অধিক বিনিময় মাচুলৰ বাবে ক্ষতিপূৰণ দিবলৈ আৰু ব্যয়ৰ সাধাৰণ বৃদ্ধিৰ বাবে, তেওঁলোকক প্ৰতিটো লেনদেনত গ্ৰাহকৰ মাচুল ২১ টকালৈ বৃদ্ধি কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুমতি প্ৰদান কৰিছে।

নতুন বিনামূলীয়া ATM লেনদেনৰ সীমা:

গ্ৰাহকসকলে তেওঁলোকৰ নিজা বেংকৰ ATMৰ পৰা প্ৰতি মাহে ৫ টা বিত্তীয় আৰু অ-বিত্তীয় বিনামূলীয়া লেনদেনহে কৰিব পাৰিব। নগৰৰ গ্ৰাহকসকলে ATMৰ পৰা ৩ টা বিনামূলীয়া লেনদেন আৰু গ্ৰাম্য অঞ্চলৰ অন্যান্য ATMৰ পৰা ৫ টা লেনদেন কৰিবলৈ সক্ষম হ’ব।

বিনিময় মাচুল বৃদ্ধি:

চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা, বেংক সমূহক বিত্তীয় লেনদেনৰ বাবে প্ৰতিটো লেনদেনৰ বাবদ ১৫ টকাৰ পৰা ১৭ টকালৈ আৰু সকলো কেন্দ্ৰত অ-বিত্তীয় লেনদেনৰ বাবে ৫ টকাৰ পৰা ৬ টকালৈ বৃদ্ধি কৰাৰ অনুমতি দিয়া হৈছে।

উক্ত বিষয় সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে, “বেংক বা হোৱাইট লেবেল ATM অপাৰেটৰৰ দ্বাৰা বহন কৰা ATM ৰক্ষণাবেক্ষণৰ বাবে এটিএম নিয়োজনৰ বৰ্ধিত ব্যয় আৰু ব্যয়ৰ বাবে উক্ত মাচুলসমূহৰ বৃদ্ধি কৰিবলৈ অনুমতি দিয়া হৈছে। বৰ্তমান চলিত বৰ্ষৰ ৩১ মাৰ্চলৈ দেশত ১,১৫,৬০৫ টা অন-চাইট ATM আৰু ৯৭,৯৭০ টা অফ-চাইট এটিএম আছে।”

লগতে পঢ়ক : তিনিচুকীয়া জিলা কাৰাগাৰৰ দুগৰাকী কয়দীৰ মৃত্যু; তদন্তৰ নিৰ্দেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply