খুমটাইঃ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ খুমটাইৰ কেইবাখনো চাহ বাগিচাত ক’ভিডে লৈছে কালৰূপ ৷ খুমটাইৰ চাহ বাগিচা সমূহত বহু শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈছিল যদিও বৰ্তমান বেছিসংখ্যকেই সুস্থ হৈ উঠিছে ৷

খুমটাইৰ বাগিচাৰ শ্ৰমিক সকলৰ আৰোগ্য হাৰ বৃদ্ধি হোৱা স্বত্বেও বৰ্তমানেও খুমটাইৰ সমীপৱৰ্তী কেইবাখনো বাগিচাৰ অৰ্ধশতাধিক চাহ শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈ থাকিব লগীয়া হৈছে ক’ভিড কেয়াৰ চেন্টাৰত ৷

খুমটাইৰ সমীপৱৰ্তী কেইবাখনো বাগিচাৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা শ্ৰমিকক এসাঁজ সুষম আহাৰ যোগান ধৰিলে আটছাই ৷

আৰু পঢ়কঃখৰাং, ক’ভিড মহামাৰীত ভাৰাক্ৰান্ত অসমৰ চাহ উদ্যোগ আৰু শ্ৰমিকৰ জীৱনৰ অনিশ্চয়তা

বাদুলিপাৰ,ৰঙাগড়া,ৰাধাবাৰী আৰু নীলগিৰি বাগিচাৰ ক’ভিড কেয়াৰ চেন্টাৰত থকা ৩৭ গৰাকী আক্ৰান্তক মাছ, কণী আদিৰে সুন্দৰভাৱে এসাঁজ আহাৰ যোগান ধৰিলে ৷

আটছাৰ দেৰগাঁও শাখা,বাদুলিপাৰ আৰু ৰঙাগড়া উপশাখাৰ উদ্যোগত যোগান ধৰিলে এই আহাৰ ৷ বাগিচাৰ শ্ৰমিক সকলক প্ৰত্যেক দিনাই সজাগ কৰাৰ উপৰিও ক’ভিড কেয়াৰ চেন্টাৰত থকা আক্ৰান্ত সকলক তৃপ্তিৰে এসাঁজ খুৱাই মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে আটছাই ৷

আটছাই এসাঁজ আহাৰ যোগান ধৰাত ক’ভিডত আক্ৰান্ত শ্ৰমিকসকলো আনন্দিত হৈ পৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply