ৰূপহীহাট : নগাঁও জিলাৰ জুৰীয়াত সাংবাদিকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলিল কংগ্ৰেছী গুণ্ডা বাহিনীৰ। বগৰিগুৰি পঞ্চায়তৰ কংগ্ৰেছী সভাপতি ৰিয়াজুল ইছলামৰ ভেৰোনীয়া গুণ্ডা বাহিনীৰ দল জপিয়াই পৰে কেইবা গৰাকী সাংবাদিকৰ ওপৰত। গ্ৰামোন্নয়নৰ ১৪ লাখ টকীয়া নলা নিৰ্মাণৰ কামত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্ত কৰিবলৈ সোমবাৰে অঞ্চলটোলৈ আহিছিল নগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া। সেই গুৰুত্বপূৰ্ণ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল কেইবা গৰাকী সাংবাদিক।

তদন্তলৈ যোৱা মূখ্য কাৰ্যবাহী বিষয়া গৰাকী পঞ্চায়ত সভাপতিৰ সৈতে এক গোপন বৈঠকত মিলিত হৈছিল আৰু সেই গোপন ও ৰহস্যজনক বৈঠকৰ ভিজুৱেল সংগ্ৰহ কৰিছিল সাংবাদিকৰ দলটোৱে। নলা নিৰ্মাণ কেলেংকাৰী ও তদন্তৰ ওপৰত মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ মতামত ল’ব বিচাৰিছিল সাংবাদিকৰ দলটোৱে কিন্তু সাংবাদিক কেমেৰা বন্ধ কৰিবলৈ তদন্তকাৰী বিষয়া গৰাকীয়ে ধমক দিয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ এক প্ৰকাৰ পলায়ন কৰাৰ চেষ্টা কৰে বিষয়া গৰাকীয়ে।

বিষয়া গৰাকী উভতি যোৱাৰ পিছতেই সাংবাদিকৰ দলটোৰ ওপৰত আক্ৰমণ কৰে পঞ্চায়ত সভাপতিৰ ভেৰোণীয়া গুণ্ডা বাহিনীৰ দলটোৱে। শিবেন্দু বৰাসহ কেইবা গৰাকী সাংবাদিকক দৌৰাই দৌৰাই আক্ৰমণ কৰে গুণ্ডা বাহিনীৰ দলটোৱে। গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হয় কেইবা গৰাকী সাংবাদিক।

লগতে পঢ়ক : ইউৰো কাপ ২০২১ : দলৰ তালিকা, সময়সূচী, ক’ত আৰু কিদৰে উপভোগ কৰিব

আক্ৰমণৰ ঘটনা সন্দৰ্ভত জুৰীয়া থানাত গোছৰ ৰুজু কৰে সাংবাদিক শিবেন্দু বৰাই। সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছে জুৰীয়া প্ৰেছ ক্লাব আৰু ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই। সাংবাদিকৰ দলৰ ওপৰত আক্ৰমণৰ চলোৱা গুণ্ডা বাহিনীৰ দলটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে জুৰীয়া প্ৰেছ ক্লাবে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply