মাৰ্ঘেৰিটা : ৰাজ্যিক কেন্দ্ৰীয় খাদ্য সংশাধন মন্ত্ৰী ৰামেশ্বৰ তেলীসহ কৃষিমন্ত্ৰী অতুল বৰাই মাৰ্ঘেৰিটাত উপস্থিত হৈ মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ ক’ভিড ভেকচিন প্ৰদান শিৱিৰ পৰিদৰ্শন কৰে। ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী অতুল বৰাই লগতে মাৰ্ঘেৰিটা তথা জিলাখনৰ ক’ভিড পৰিস্থিতিৰো বুজ লয়৷

সোমবাৰে টীকাকৰণত ৰাজ্যখনৰ ভিতৰতে তিনিচুকীয়া জিলাই সৰ্বাধিক লোকক টীকাকৰণ কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী অতুল বৰাই। তেওঁ এতিয়াই জিলাখনত লকডাউন হ’ব নে নহয় ক’ব নোৱাৰি বুলি কয়।

আৰু পঢ়কঃতিতাবৰৰ ৰাজমিস্ত্ৰিয়ে নিৰ্মাণ কৰিছে চি প্লেন

জিলাখনত ইতিমধ্যে ভেকচিন প্ৰদানৰ হাৰ বৃদ্ধি কৰাৰ লগতে আগন্তুক ২-৩ দিনৰ ভিতৰত জিলাখনত ক’ভিড অক্ৰান্তৰ হাৰৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যৰ সকলো লোককে টীকাকৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply