অগপ বিধায়িনী দলৰ নেতা হিচাবে অতুল বৰা নিৰ্বাচিত

নতুন চৰকাৰৰ শপতগ্ৰহণৰ দিন ঠিক নহ’লেও মিত্ৰদল অগপৰ নতুন বিধায়কৰ দলীয় কামকাজ অব্যাহত ।

অসম গণ পৰিষদৰ বিধায়িনী দলৰ সভাকক্ষত নৱনিৰ্বাচিত বিধায়কসকলৰ প্ৰথমখন বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়।

এই সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ নেতা তথা দলৰ অন্যতম সাধাৰণ সম্পাদক, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ।

উক্ত সভাতে অগপ বিধায়িনী দলৰ দলপতি হিচাপে সভাপতি অতুল বৰাক সৰ্বসন্মতিমৰ্মে নিৰ্বাচিত কৰে।

লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তক উপ-দলপতি, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মুখ্য সচেতক, সাধাৰণ সম্পাদক পোনাকণ বৰুৱাক সচিব হিচাপে বিধায়িনী দলে নিৰ্বাচন কৰে।

তদুপৰি, একেৰাহে অষ্টমবাৰলৈ বিধানসভাৰ মজিয়ালৈ নিৰ্বাচিত হৈ অহা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী আৰু নৱনিৰ্বাচিত বিধায়কসকলক এই সভাতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply