নাজিৰাঃ অসম চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধীনত নিৰ্মাণ হৈ উঠা নাজিৰাত অৱস্থিত বিজয়ানন্দদেৱৰ স্থাপিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুদবাৰী সত্ৰৰ অতিথিগৃহ,পানী যোগান ব্যৱস্থা,সংগ্ৰহালয় শুভ উদ্ধোধন।
গাঁৱৰ জ্যেষ্ঠ ব্যক্তি তিলেশ্বৰ দত্তই বন্তি প্ৰজ্বলন আৰু ডেকা সত্ৰিয়া অনিল মহন্তৰ শৰাই প্ৰতিষ্ঠাৰ পাছত নাম প্ৰসংগৰ জৰিয়তে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়।
ইয়াৰ পিছতে গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ সভাপতি তুলসী শেনচোৱাই অতিথিগৃহটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।

লগতে নিৰ্মীয়মান পানী যোগান ব্যৱস্থাতো উদ্ধোধন কৰে নাজিৰা খণ্ড উন্নয়ণৰ সহকাৰী উন্নয়ণ বিষয়া ৰেখা দুৱৰাই।
সংগ্ৰহালয় গৃহতো উদ্ধোধন কৰে জ্যেষ্ঠ বৈষ্ণৱ ডিম্বেশ্বৰ খাটনীয়াৰে। চন্দ্ৰ কলিতাৰ সভাপতিত্বত অসম দৰ্শন আঁচনিৰ সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰৰ মাজতে সত্ৰৰ আইসকলে দিহানাম পৰিৱেশন কৰে আৰু ইয়াৰ পিছতে শৰাই বিসৰ্জন,প্ৰসাদ বিতৰণেৰে কাৰ্যসূচী সামৰণি পৰে।
শিক্ষাবিদ দেৱানন্দ দত্তই আঁতধৰা দিনতোৰ কাৰ্যসূচীসমূহত সুন্দৰভাৱে সমাপন হোৱাৰ বাবে অতিথিবৃন্দ আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানটিৰ আহ্বায়ক তথা শ্ৰী শ্ৰী বুদবাৰী সত্ৰ উন্নয়ণ কমিটিৰ সম্পাদক পূৰ্ণানন্দ কলিতা।
লগতে পঢ়কঃ৪৫ দিনৰ ভিতৰত গোৱালপাৰা ডিটেনচন চেণ্টাৰৰ কাম সম্পূৰ্ণ কৰিহবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ