মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটাঃ অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াৰ নেতৃত্বত অসমৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাবে সহায়ৰ হাত। ২০১৯ বৰ্ষত স্থাপিত হোৱা হেল্পিং হেণ্ড – উই কেয়াৰ, তিনিচুকীয়া জিলাৰ এক স্বেচ্ছাসেৱী অনুস্থান ৷ বিগত ৩ বছৰৰ ধৰি হেল্পিং হেণ্ড – উই কেয়াৰে বিভিন্ন সামাজিক গঠনমুলক কাম-কাজ কৰাৰ লগতে বিভিন্ন সময়ত বহুতো লোকক সহায়ৰ হাত প্ৰদান কৰি আহিছে৷ হেল্পিং হেণ্ড – উই কেয়াৰৰ প্ৰতিষ্ঠাপক বৰ্তমান অষ্ট্ৰেলিয়াৰ নিৱাসী আৰু তিনিচুকীয়া জিয়ৰী মমী চৈয়দ৷
২০১৯ বৰ্ষত মমী চৈয়দে নিজৰ স্কুলীয়া কেইগৰাকীমান বান্ধৱীৰ সহায়ত এটি সামাজিক গ্ৰুপ, হেল্পিং হেণ্ড – উই কেয়াৰৰ গঠন কৰিছিল৷ তেতিয়াই গ্ৰুপৰ কাম-কাজ সমূহ সুচাৰু ৰূপে আগবঢ়াই নিবলৈ মমীৰ স্কুলীয়া বান্ধৱী সমূহ আগবঢ়ি আহে৷ বৰ্তমান হেল্পিং হেণ্ড – উই কেয়াৰ গ্ৰুপ অসমৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী মহিলা সদস্যাৰে সমৃদ্ধ৷
হেল্পিং হেণ্ড – উই কেয়াৰে সমাজৰ অভাৱগ্ৰস্থ শ্ৰেণীৰ শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে৷
অৰ্থনৈতিক কাৰণত শিক্ষা আধৰুৱা হৈ ৰোৱা ছাত্ৰ-ছাত্ৰী সকলকৰ পুনৰ এডমিচন, আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষামূলক বিভিন্ন সামগ্ৰী যেনে – কিতাপ, বহী, কলম-পেঞ্চিল আদিকে ধৰি বিভিন্ন জৰুৰী সামগ্ৰী বিতৰণ কৰা, অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী সকলৰ বাবে বিনামূলীয়া অনলাইন ক’চিং আদিকে কৰি হেল্পিং হেণ্ড – উই কেয়াৰে বিভিন্ন আচঁনি ৰুপায়ণ কৰি আহিছে৷ হেল্পিং হেণ্ড – উই কেয়াৰৰ সৌজ্যনত বিভিন্ন বিদ্যালয়সমুহত আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ধৰণৰ জৰুৰী শিক্ষামূলক সামগ্ৰী প্ৰদান কৰি অহা হৈছে৷
এই আচঁনিৰ অন্তৰ্গত, হেল্পিং হেণ্ডৰ চাৰিজনীয়া এটি দল, ক্ৰমে – বৰ্ণালী ঠাকুৰ, মৌচুমী গগৈ বেৰিয়া পূৰৱী শইকীয়া আৰু সুলেখা গগৈয়ে মাৰ্ঘেৰিটাৰ আৰ্দশ বিদ্যা মন্দিৰত কিছু জৰুৰী শিক্ষামূলক সামগ্ৰী যেনে – বহী, কলম-পেঞ্চিল আদি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল বহিবলৈ বাবে বেঞ্চ/ডেস্ক আদি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে ৷ হেল্পিং হেণ্ড – উই কেয়াৰৰ এনে মহৎ পদক্ষেপক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলে আদৰণি জনাইছে।