নিউজ ডেস্ক : আমি সকলোৱে বিচাৰো একোচা ঘন আৰু মজবুত চুলি, কিন্তু একোছা ভাল চুলি পাবলৈ হ’লে সেই অনুসৰি চুলিৰ বিশেষ যতন লোৱাতো খুবেই দৰকাৰী।

পৰিৱৰ্তিত খাদ্যাভ্যাস, প্ৰদূষণ, মানসিক চাপ আদিৰ ফলত পুৰুষ নাৰী উভয়ৰে ক্ষেত্ৰত আজিৰ দিনত চুলি সৰা সমস্যা প্ৰায়েই দেখা যায়। অৱশ্যে বহু সময়ত আমাৰ এনে কিছুমান অভ্যাসৰ ফলতো চুলি সৰে যিটো হয়টো গমেই নাপাও।

ডাৰ্মেটোল’জিষ্ট ডাঃ গুৰবীন ৱাৰাইচ (Gurveen Waraich)-এ তেওঁৰ ইন্সটাগ্ৰামত দুটা প্ৰায় সকলোৱে কৰা সাধাৰণ অভ্যাসৰ কথা উল্লেখ কৰিছে যাৰ ফলত আমি গম নোপোৱাকৈয়ে আমাৰ চুলিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।

টানকৈ বন্ধা পনিটেইল বা খোপা

চুলিকোছা টানকৈ বান্ধি কৰা বিভিন্ন হেয়াৰ ষ্টাইলৰ ফলত চুলি সৰাৰ প্ৰৱনতা বৃদ্ধি পায়। ৱাৰাইচৰ মতে একেটা ভাজত বহু সময় ধৰি চুলিকোচা টানি বান্ধি ৰাখিলে চুলিৰ ওপৰ চাপ পৰে। ফলত বেছিকৈ চুলি সৰা আৰম্ভ হয়।

সেয়ে তেওঁ ঢিলাকৈ খোপা বা বেণী আদি বান্ধিবলৈ পৰামৰ্শ দিয়াৰ লগতে হেয়াৰ ষ্টাইল ঘনাই সলনি কৰি থাকিবলৈ উপদেশ দিছে।

অত্যাধিক চুলি আঁচোৰা

ঘনাই চুলি আঁচুৰি থাকিলে আমাৰ চুলিকোছাৰ স্বাস্থ্য ভাল হয় বুলি আমাৰ সমাজত এক সাধাৰণ ধাৰণা আছে, কিন্তু এইয়া শুদ্ধ নহয়। বৰঞ্চ অত্যাধিক ফণি ব্যৱহাৰ কৰিলে চুলিৰ ওপৰত বেয়া প্ৰভাৱহে পৰে।

‘চুলিৰ যতনৰ বাবে চুলি আঁচোৰাতো দৰকাৰী হয় কিন্তু জোখতকৈ অধিক চুলি আচুঁৰিলে আমাৰ মূৰৰ ছাল দূৰ্বল হৈ পৰাৰ লগতে চুলি বিলাক কেঁকোৰা-কেঁকুৰি হৈ পৰে আৰু চুলি অধিক মাত্ৰাত সৰিবলৈ ধৰে,’ তেওঁ কয়।

গতিকে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই দুটা অভ্যাস কমাই আনক।

লগতে পঢ়ক : কাহিলি পুৱাতে ঘৰে ঘৰে গৈ শিয়ালৰ আক্ৰমণ; ৩৮ জন আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply