আদিল হুছেইনক সন্মানীয় পি এইচ ডি প্রদান
আদিল হুছেইনক সন্মানীয় পি এইচ ডি প্রদান

গুৱাহাটী- আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনক সন্মানীয় পি এইচ ডি প্রদান কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ৷

দেওবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুর্থ দীক্ষান্ত সমাৰোহত অভিনেতাগৰাকীলৈ প্ৰদান কৰা হয় এই সন্মান।

এই অনুষ্ঠানতে চাৰিগৰাকী বিশিষ্ট ব্যক্তিকো সন্মানীয় ডি লীট আৰু পি এইচ ডি ডিগ্রী প্রদান কৰা হয় ৷

আৰু পঢ়কঃ ভোটাৰক সজাগ কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ চাইক্লথন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রাক্তন অধ্যাপক, বৈষ্ণৱ সাহিত্যৰ বিশেষজ্ঞ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীক সন্মানীয় ডি লীট ডিগ্রী, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ, বিশিষ্ট বড়ো সাহিত্যিক সুৰথ নার্জাৰী আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনক সন্মানীয় পি এইচ ডি প্রদান কৰে বিশ্ববিদ্যালয়খনে ৷

এই দীক্ষান্ত সমাৰোহত ২০১৯–২০ বর্ষৰ মুঠ ১৬,৩৮১গৰাকী শিক্ষার্থীক স্নাতক, স্নাতকোত্তৰ ডিগ্রীৰ লগতে ডিপ্ল’মা প্রদান কৰা হয় ৷

তদুপৰি ২২গৰাকী শিক্ষার্থীক পি এইচ ডি আৰু ১৫গৰাকী শিক্ষার্থীক এম ফিল প্রদান কৰা হয় ৷

আৰু পঢ়কঃ আজি পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply