গুৱাহাটী : ইউ কে’ৰ ‘Waste Aid’ নামৰ আন্তঃৰাষ্ট্ৰীয় সন্থাই আয়োজন কৰা এক বিশেষ প্ৰতিযোগতিত অংশগ্ৰহণ কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে মহানগৰী গুৱাহাটীৰ এজন যুৱকে। প্ৰতিযোগিতাখনত ভাৰতৰ ১০০ গৰাকী প্ৰতিযোগীক পিছ পেলাই গুৱাহাটীৰ ৰূপাংকৰ ভট্টাচাৰ্যই প্ৰথম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে।
এক বিশেষ পদ্ধতিৰে কাগজ প্ৰস্তুত কৰি ‘Zero Waste Cities Challenge’ নামৰ এই প্ৰতিযোগিতাত দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে ৰূপাংকৰ ভট্টাচাৰ্যই। কাগজ প্ৰস্তুত কৰা এই বিশেষ পদ্ধতিয়ে জলাশয় সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে বহু লোকৰ বাবে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ সম্ভাৱনা থকা বুলি নিশ্চিত হোৱাৰ বাবেই ‘Waste Aid’ নামৰ আন্তঃৰাষ্ট্ৰীয় সন্থাটোৱে ৰূপাংকৰ ভট্টাচাৰ্যক দেশৰ ১০০ গৰাকী প্ৰতিযোগীৰ ভিতৰত প্ৰথম স্থানত ৰাখিছে।
লক ডাউনৰ সময়ছোৱাক উপযুক্ত ব্যৱহাৰ কৰি উজলি উঠিল মহানগৰীৰ গুৱাহাটীৰ ৰূপাংকৰ ভট্টাচাৰ্য। লক ডাউনৰ সময়ত ঘৰতে কাগজ প্ৰস্তুত কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথম স্থান দখল কৰিলে ৰূপাংকৰ ভট্টাচাৰ্য নামৰ গুৱাহাটীৰ এজন যুৱকে। যুৱকজনৰ কাজগ প্ৰস্তুত কৰাৰ পদ্ধতিয়ে এতিয়া অসমৰ বিভিন্ন জলাশয় সমূহৰ লগতে অসমৰ একমাত্ৰ ৰামছাৰ ছাইট দীপৰ বিললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। ‘Zero Waste Cities Challenge’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পানী মেটেকাৰে কাগজ প্ৰস্তুত কৰি দেখুৱাইছিল ৰূপাংকৰ ভট্টাচাৰ্যই। কাগজ প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াৰৰ বাবেই দেশৰ অন্যান্য ১০০ গৰাকী প্ৰতিযোগীক পিছ পলাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ৰূপাংকৰ ভট্টাচাৰ্য।
এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰাৰ বাবে ৰূপাংকৰ ভট্টাচাৰ্যৰ ‘Inside Out’ নামৰ বেচৰকাৰী সন্থাটোৱে পুৰস্কাৰ হিচাপে লাভ কৰিছে ১০ হাজাৰ ইউৰো অৰ্থাৎ প্ৰায় ৮ লাখ টকা। ইউ কে’ৰ আন্তঃৰাষ্ট্ৰীয় স্থানটোৱে ৰূপাংকৰ ভট্টাচাৰ্যক পানী মেটেকাৰে কাগজ প্ৰস্তুত কৰাৰ প্ৰকল্প স্থাপন কৰাৰ বাবেই এই আৰ্থিক পুৰস্কাৰ আগবঢ়াইছে। পানী মেটেকাৰে কাগজ প্ৰস্তুত কৰা এক প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৰূপাংকৰ ভট্টাচাৰ্যৰ ‘Inside Out’ নামৰ সন্থাই। দীপৰ বিলত এই প্ৰকল্প নিৰ্মাণৰ কৰি দীপৰ বিলক পানী মেটেকামুক্ত কৰি ৰখাৰ লগতে স্থানীয় লোকক কর্মসংস্থাপন দিয়াৰ উদ্দেশ্যে অহা দুই-তিনি মাহৰ ভিতৰত এই প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি প্ৰকাশ কৰিছে ৰূপাংকৰ ভট্টাচাৰ্যই।
লগতে পঢ়ক : ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলবৎ
পানী মেটেকা জলাশয় সমুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। পানী মেটেকাৰে কাগজ প্ৰস্তুত কৰিব পৰা এই প্ৰকল্পটো যদি সফলতা লাভ কৰে তেন্তে এফালে জলাশয় সমূহক পানী মেটেৰকাৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিব আৰু আনফালে অতি কম মূল্যতে বজাৰত উপলব্ধ হ’ব হাতেৰে নিৰ্মিত কাগজ। পানী মেটেকাৰে কাগজ প্ৰস্তুত কৰি প্ৰতিযোগিতাখনত প্ৰথম স্থান ৰূপাংকৰ ভট্টাচাৰ্যৰ ‘Inside Out’ নামৰ সন্থাই লাভ কৰাৰ পৰিবৰ্তে দ্বিতীয় স্থান দখল কৰিছে গুৱাহাটীৰে দিলীপ দাসৰ শ্ৰী গুৰু প্লাষ্টিকে।