গুৱাহাটী : শুভংকৰ বেনাৰ্জীলৈ ভাৰতীয় আঞ্চলিক জনসংযোগ বঁটা (IRPRA)-২০২১। পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম সন্তান। শুভংকৰ বেনাৰ্জীৰ হাতত IRPRA-2021 বঁটা।

Seven Sense Communication ৰ সঞ্চালক শুভংকৰ বেনাৰ্জীয়ে সন্মানীয় ভাৰতীয় আঞ্চলিক জনসংযোগ বঁটা-২০২১ লাভ কৰে।Excellence in local brand PR campaign শাখাৰ 40 under 40 শ্ৰেণীত সমগ্ৰ দেশৰ ভিতৰতে সুন্দৰকৈ পাৰদৰ্শিতা দেখুৱাৰ বাবে এই বঁটা লাভ কৰে।

Seven Sense Communication ৰ সঞ্চালক শুভংকৰ বেনাৰ্জীৰ সফলতাত আজি গৌৰাম্বিত সমগ্ৰ অসমবাসী। ভাৰতীয় আঞ্চলিক জনসংযোগ বঁটা-২০২১ লক্ষ্য হৈছে বিগত বৰ্ষ সমূহত আঞ্চলিক জনসংযোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহা জনসংযোগ পেছাদাৰীসকলক সন্মান প্ৰদান কৰা।

লগতে পঢ়ক : গুলী ফুটাই কাজিৰঙালৈ গঁড় খেদাৰ চেষ্টা বনকৰ্মীৰ

লগতে বিগত ছেপ্টেম্বৰ মাহত গোৱাত অনুষ্ঠিত হোৱা ১৫ তম গ্লোৱেল কনক্লেভত PRCI চাণক্য বঁটা লাভ কৰিৱলৈ সক্ষম হয়। কনচালন্টেন ৰিভিউ মেগাজিনৰ তথ্য অনুসৰি Seven Sense Communication বৰ্তমান ভাৰতবৰ্ষৰ শীৰ্ষৰ ১০ টা PR এজেন্সীৰ ভিতৰতে অন্যতম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply