হামৰেণ : পশ্চিম কাৰ্বি আংলং জিলাত ২৪ টাকৈ দল-সংগঠনৰ এম অ’ এছ সন্দৰ্ভত সজাগতা কাৰ্যসূচীৰে শান্তি আৰু একতাৰ যাত্ৰা৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ তত্বাৱধানত এম অ’ এছ চুক্তিৰ সন্দৰ্ভত এক সজাগতা সভা সমগ্ৰ পাৰ্বত্য জিলাখনতেই শান্তি আৰু একতাৰ যাত্ৰাৰে মংগলবাৰৰ পৰা শুভাৰম্ভ কৰা হয়৷
বুধবাৰে হামৰেণত আয়োজন কৰা এই শান্তি আৰু একতাৰ যাত্ৰা অনুষ্ঠানত এ এছ ডি চি, এ পি এইচ এল চি, কে এছ এ, জে এ চি এ এছ, চি চি ইউ, এইচ টি এল আৰু কে এন চি এ’কে ধৰি ২৪ টাকৈ দল-সংগঠনৰ সদস্য আৰু নেতৃত্ব উপস্থিত থাকে৷ এএছডিচিৰ হামৰেণ জিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত আয়োজন কৰা এই গুৰুত্বপূৰ্ণ সভা।
লগতে পঢ়ক : দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটাৰ বাবে মনোনীত অসমৰ লাভলীনা
যোৱা ৪ ছেপ্তেম্বৰ তাৰিখে ভাৰত চৰকাৰ আৰু ছটাকৈ উগ্ৰপন্থী সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা কাৰ্বি শান্তি চুক্তিত কেনেদৰে জনজাতীয় লোকসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে সেইবিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে অনাগত দিনত ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিবোৰক নিশেষ কৰাৰ এইয়া বিজেপি-আৰএছএছৰ ষড়যন্ত্ৰৰ অভিযোগত আলোচনি কৰা হয়৷ সমান্তৰালকৈ আগন্তুক কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনক সন্মুখত ৰাখি কাৰ্বি জনজাতিৰ মাজত একতাৰ ভাৱ জাগ্ৰত কৰাৰ লগতে এএছডিচি দলৰ শাসন কালত ভাৰত চৰকাৰৰ সৈতে হোৱা চুক্তিৰ ওপৰত সজাগতা প্ৰদান কৰা হয়৷