মানকাচৰ : প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচী সম্পৰ্কে সজাগতা সভা।মানকাচৰৰ কুচনীমাৰাত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচী সম্পৰ্কে সজাগতা সভা। ফেকামৰী জনসেৱা ফাউণ্ডেচন নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাৰ উদ্যোগত সজাগতা সভা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কুচনীমাৰা আদৰ্শ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মঙলবাৰে প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচী বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সভা অনুষ্ঠিত হয়। জিলাখনৰ ফেকামৰী জনসেৱা ফাউণ্ডেচন নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাৰ উদ্যোগত কুচনীমাৰা আদৰ্শ গাঁও পঞ্চায়তত এই সজাগতা সভা অনুষ্ঠিত হয়।
লগতে পঢ়ক – মানকাচৰৰ বান প্ৰভাৱিত অঞ্চলত স্বাস্থ্য মেলা
এই অনুষ্ঠানত ভাৰত চৰকাৰৰ সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰালয়ে সংখ্যালঘূ উন্নয়ন সম্পৰ্কে হাতত লোৱা পি এম জে ভি কে আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। সংখ্যালঘূ লোকৰ বাবে পূৰ্বে এম এছ ডি পি আঁচনিৰ জৰিয়তে বিভিন্ন উন্নয়ন কৰা হৈছিল যদিও বৰ্তমানে চৰকাৰে এই আচঁনিক প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচী বুলি নামাকৰণ কৰিছে।