গুৱাহাটীঃ সোমবাৰে মহানগৰস্থিত এপ’ল’ এক্সেলকেয়াৰ চিকিৎসালয়ে বিশ্ব পাৰ্কিনছন দিৱস উপলক্ষে বাইক ৰেলীৰ আয়োজন কৰে। এপ’ল’ এক্সেলকেয়াৰৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ, ডাঃ নীল বাৰডলয়ৰ নেতৃত্বত আয়োজন কৰা এই ৰেলীটো চিকিৎসালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ হৈ পুনৰ চিকিৎসালয়লৈ উভতি আহে। য’ত এপ’ল’ এক্সেলকেয়াৰ চিকিৎসালয়ৰ চিকিৎসক আৰু কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে।
ৰেলীৰ পিছত এপ’ল’ এক্সেলকেয়াৰ হস্পিটেলৰ দ্বাৰা ৰোগী আৰু যত্ন লওতা সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠান আয়োজন কৰা হয় য’ত কনচালটেন্ট স্নায়ুবিশেষজ্ঞ ডাঃ লক্ষ্য জ্যোতি বসুমতাৰীয়ে কয় যে অসমৰ লোকসকলৰ মাজত ৰোগটোৰ বিষয়ে সজাগতা দুৰ্বল আৰু বহুলোকে প্ৰাৰম্ভিক লক্ষণবোৰ আওকাণ কৰে। লগতে তেওঁ কয় যে বহুসংখ্যক ৰোগীয়ে দীঘলীয়া সময়ৰ কষ্ট সহ্য কৰাৰ পিছত চিকিৎসালয়ৰ কাষ চাপে।
লগতে পঢ়কঃ২৩এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং
ডাঃ বসুমতৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যদিও ৰোগটোৰ লক্ষণবোৰ সমাধান কৰিবলৈ ঔষধ উপলব্ধ আছে ৰোগটোৰ প্ৰগতিৰ সৈতে সময়ৰ লগে লগে সেইবোৰৰ কাৰ্যকাৰিতা হ্ৰাস পায় এনে পৰিস্থিতিত ডিপ ব্ৰেইন ষ্টিমুলেচন (ডিবিএছ) প্ৰক্ৰিয়াৰ দৰে উন্নত চিকিৎসা বিকল্পই ৰোগীসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাত সহায় কৰিব পাৰে।
পৰিচয়মূলক অধিৱেশনৰ সময়ত ডঃ বসুমতাৰীয়ে আঙুলিয়াই দিয়ে যে আনুবংশিক, নিম্ন মানদণ্ডৰ জীৱন, চাপ, টোপনিৰ অভাৱ, পাৰিপাৰ্শ্বিক কাৰকৰ ফলত যুৱক-যুৱতীসকলৰ মাজত পাৰ্কিনছন ৰোগৰ ঘটনা বৃদ্ধি পাইছে। তেওঁ লগতে কয়, “পাৰ্কিনছনত ভুগি থকা লোকসকলৰ মাজত লক্ষণবোৰো বৃদ্ধি পাইছে যিহেতু তেওঁলোক মহামাৰীৰ বাবে ঘৰত আৱদ্ধ হৈ আছিল।”
এপ’ল’ এক্সেলকেয়াৰ হস্পিটেলে এক অনন্য পদক্ষেপ হাতত লৈছে আৰু ৰোগীসকলৰ বাবে ব্যাপক যত্ন প্ৰদান কৰাৰ বাবে ৰোগী, তেওঁলোকৰ পৰিয়ালৰ সদস্য, চিকিৎসক আৰু থেৰাপিষ্টৰ সৈতে পাৰ্কিনছন ৰোগ সমৰ্থনয এটা গোট গঠন কৰিছে।