তিনিচুকীয়া আৰক্ষীৰ উদ্যোগত আঠদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ লেখাপানী, বৰডুমচা, মাকুম,মাৰ্ঘেৰিটা,ডুমডুমা, ডিগবৈ আদিৰ ভিতৰুৱা অঞ্চল সমূহত ড্ৰাগছ, বাল্য বিবাহ আদিৰ সন্দৰ্ভত গাঁও ৰক্ষী বাহিনী, মহিলা সমিতি আৰু যুৱ সংগঠনক লৈ এক প্ৰেৰণাত্মক অনুষ্ঠানৰ লগতে কৰ্মশালাও অনুষ্ঠিত হয়।
উক্ত কৰ্মশালা তথা প্ৰেৰণাত্মক অনুষ্ঠান সমূহত সমল ব্যক্তি তথা মুখ্য বক্তা হিচাপে বক্তব্য ৰাখে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰেৰণাত্মক বক্তা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কাৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই।
আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক ডঃ দিব্যজ্যোতি শইকীয়াই স্থানীয় সামাজিক নেতা আৰু নেতৃত্ব প্ৰদনকাৰী সকলক ড্ৰাগছ আৰু বাল্য বিবাহ সন্দৰ্ভত বিস্তৃত ভাবে বিশ্লেষণ কৰি বক্তব্য ৰাখে ।ডঃ শইকীয়াই কয় যে অভিভাৱক আৰু স্থানীয় নেতা সকলৰ অমনোযোগৰ কাৰণে ড্ৰাগছ আৰু বাল্য বিবাহ আদিয়ে সমাজ ধংস কৰিছে। কেৱল সমাজ ধংস বুলি কলে নহব তেওঁ কেনেদৰে ইয়াক উৎখাত কৰিব এই বিষয়েও তেওঁ বাখ্যা কৰে।