গুৱাহাটীঃ উলুবাৰীত প্ৰধানমন্ত্ৰীৰ ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ সজাগতামূলক অনুষ্ঠান।
অনুষ্ঠানত ভাগ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সাংসদ কুইন ওজাই।
সজাগতামূলক অনুষ্ঠানৰ অন্তত প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠকতো ভাগ ল’লে সৰ্বানন্দ সোনোৱালে।
ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ জৰিয়তে দৰিদ্ৰ লোক সকলে অতি কম মূল্যত ঔষধ ক্ৰয় কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন পাবলৈও সক্ষম হৈছে।
জন ঔষধি কেন্দ্ৰ সমূহত এলোপেথিৰ লগতে আয়ুসৰ উৎপাদিত ঔষধ সমূহো মজুত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে।
লগতে পঢ়কঃদক্ষিণ শালমাৰাৰ আমবাৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
শীঘ্ৰেই অসমত গঠন কৰা হ’ব ৪০০ টা জন ঔষধি কেন্দ্ৰ।
“সেৱা ভি ৰোজগাৰ ভি” আদৰ্শেৰে চলিছে জন ঔষধি কেন্দ্ৰ সমূহ।
সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ৮০০টা ভাৰতীয় জন ঔষধি কেন্দ্ৰ গঠনৰ লক্ষ্য লৈছে।
Ministry of health and family welfare আৰু আয়ুস মন্ত্ৰালায়ক যৌথভাৱে কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে।