গুৱাহাটী- দুদিনৰ বাবে বন্ধ হ’ল মহানগৰীৰ জু-ৰোডস্থিত এক্সিচ বেংক।

বেংকটোৰ কৰ্মচাৰীৰ দেহত ধৰা পৰে কৰোণাৰ উপস্থিতি।

ইয়াৰ পাছতেই শুকুৰবাৰ আৰু শনিবাৰে কৰোণা সংক্ৰমণৰ বাবে এক্সিচ বেংকৰ শাখাটো বন্ধ ৰখাৰ সিদ্ধান্ত লয় বেংক কৰ্তৃপক্ষই ।

ইতিমধ্যে মহানগৰীত পুনৰ দ্ৰুত গতিত সংক্ৰমণ হৈছে কৰোণা ভাইৰাছ।

বিগত ২৪ ঘন্টা অসমত ৫৮ জন লোকৰ দেহত কৰোণা সংক্ৰমণৰ ঘটনা সংঘটিত হয়।

বিগত ২৪ ঘন্টাত অসমত কৰোণাত আক্ৰান্ত ২ জন লোকৰ মৃত্যু ঘটে।

আনহাতে, কৰোণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পুনেত শনিবাৰৰ পৰা সাত দিনৰ বাবে নিশাৰ সান্ধ্যআইন জাৰি কৰা হৈছে।

সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্যআইন জাৰি কৰা হৈছে।

এই সময়ছোৱাত ৰেষ্টুৰেন্ট, ম’ল আৰু ধৰ্মীয় স্থান সমূহ বন্ধ থাকিব । পূৰ্বতে নিশা ৮ বজাৰ পৰা পুৱা ৭ বজালৈকে সান্ধ্যআইন জাৰি আছিল ।

শুকুৰবাৰে উপ- মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অধ্যক্ষতাত বঢ়া বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হয়।

মহাৰাষ্ট্ৰৰো কেইবাখনো জিলাত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। সেইদৰে ছত্তীশগড়তো দ্ৰুত গতিত বাঢ়িছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ফলস্বৰূপে ছত্তীশগড়ৰ দুৰ্গত ৰাজ্য চৰকাৰে ল’ক ডাউন ঘোষণা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply