আজি অসম দিৱস।
১৯৮৭ চনৰ পৰা সমগ্ৰ ৰাজ্যতে ২ ডিচেম্বৰৰ দিনটো “অসম দিৱস” হিচাপে পালন কৰা অহা হৈছে।
উল্লেখ্য যে, ১২২৮ চনৰ ২ ডিচেম্বৰত চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল। এই দিনটোক স্মৰণীয় কৰাৰ উদ্দেশ্যেৰে ভীমকান্ত বুঢ়াগোঁহাই নামৰ এগৰাকী ব্যক্তিয়ে ১৯৭২ চনত এক প্ৰচেষ্টা হাতত লয়। তাৰ পাছত ১৯৮৭ চনৰ পৰাই ২ ডিচেম্বৰৰ দিনটো “অসম দিৱস” হিচাপে পালন কৰা অহা হৈছে। “অসম দিৱস” ক “চ্যুকাফা দিৱস” হিচাপেও জনা যায়।
বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফালৈ সশ্ৰদ্ধ প্ৰণিপাত।