গুৱাহাটীঃ পেগাছাচকলৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ অসম নাগৰিক সমাজ। পেগাছাচ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজৰ সংবাদমেল।

পেগাছাচ কাণ্ডই বিশ্বৰ বিভিন্ন মহলত জোকাৰণি সৃষ্টি কৰিছে। নিউয়ৰ্ক টাইমচত ইজৰায়েলী সংস্থা এন এচ অ’ৰ বিষয়ে প্ৰকাশ কৰা প্ৰতিবেদন এটাই ভাৰত চৰকাৰৰ মুখা খুলি দিলে । প্ৰতিবেদনটোত উল্লেখ কৰা মতে ২০১৭চনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইজৰাইল ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰে অন্য সামৰিক অস্ত্ৰৰ লগতে এন এচ অ’ স্পাইৱেৰ পেগাছাচ দুশ কোটি ডলাৰ মূল্যত কিনিছিল। পেগাছাচ স্পাইৱেৰৰ বিষয়ে এই প্ৰতিবেদনটো দুজন প্ৰখ্যাত বঁটাবিজয়ী সাংবাদিকে বছৰজোৰা গৱেষণাৰ অন্তত প্ৰস্তুত কৰিছে। তেওঁলোকে চৰকাৰী বিষয়া, চোৰাংচোৱা, চাইবাৰ অস্ত্ৰৰ বিশেষজ্ঞ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ উচ্চ পদস্থ ব্যক্তি আৰু ব্যক্তিস্বাধীনতা কৰ্মীৰ লগত সাক্ষাৎকাৰ লৈ এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল। পেগাছাচ সম্পৰ্কে ভাৰতৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই অভিযোগটো নিউয়ৰ্ক টাইমচৰ প্ৰতিবেদনটোৱে সত্য প্ৰমাণিত কৰিলে বুলি অসম নাগৰিক সমাজে উল্লেখ কৰে।

লগতে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ বাবে ই এক ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ লগতে চৰকাৰে ভাৰতীয় সংসদ আৰু উচ্চতম ন্যায়ালয়কো ভুল পথে পৰিচালিত কৰিছে,চৰকাৰৰ এই কাৰ্যই মৌলিক অধিকাৰ সমূহ খৰ্ব কৰিছে বুলিও উল্লেখ কৰে।

লগতে পঢ়কঃকৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত প্ৰাপ্য বিচাৰি কৃষক-শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply