গুৱাহাটীঃ বিদ্যুৎৰ বিল পৰিশোধ নকৰাৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ। শেহতীয়াকৈ মহানগৰীৰ আয়ুৰচন্দ্ৰা হস্পিতালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাক লৈ হস্পিতালখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।
হস্পিতালখনে ৩৬,২১,৮৭০ টকা বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ বাকী আছিল। ফলত বিদ্যুৎ বিভাগে কৰ্তন কৰে বিদ্যুৎ সংযোগ।

ইফালে, স্বস্তিক ইঞ্জিনীয়াৰ প্ৰতিষ্ঠানেও ১৩,৯০,৭৭০ টকা বিদ্যুৎ বিল আদায় দিবলৈ বাকী থকাৰ কাৰণে প্ৰতিষ্ঠানখনৰো বিদ্যুৎ সংযোগ কৰ্তন কৰে।
আৰু পঢ়কঃচৰাইদেউত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
এখন সংবাদমেলত শক্তি মন্ত্ৰী বিমল বৰাই বিদ্যুৎ চুৰি আৰু বিদ্যুৎ বিল আদায় নিদিয়াসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা উল্লেখ কৰিছিল। ৫০ হাজাৰৰ অধিক বিল পৰিশোধ কৰিবলগীয়া গ্ৰাহকসকলক বিল আদায়ৰ বাবে বিজুলী ভৱনলৈ গৈ মুখ্য প্ৰৱন্ধৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল মন্ত্ৰীগৰাকীয়ে।
বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানেও শতাধিক কোটি টকা বিদ্যুতৰ বাবদ আদায় দিবলৈ আছে বুলি উল্লেখ কৰিছিল মন্ত্ৰী বিমল বৰাই।