গুৱাহাটী : আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলৰ প্ৰতিবাদ। ক’লা বেজ পৰিধান কৰি চিকিৎসক সকলৰ লগতে আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাকর্মী সকলৰ প্ৰতিবাদ। হোজাইত এজন চিকিৎসক আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু চিকিৎসাকর্মী সকলৰ। ঘটনাৰ লগত জড়িত ব্যক্তি সকলক উচিত শাস্তি প্ৰদানৰ দাবী।

দেশজুৰি মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে দেশৰ চিকিৎসক আৰু চিকিৎসাকর্মী সকলে দিনে-নিশাই ব্যস্ত হৈ আছে ক’ভিড বিৰোধী যুদ্ধত। মহাসংকটৰ এই সময়ত সন্মুখৰ পৰা ক’ভিডৰ বিৰুদ্ধে যুদ্ধ চলাই থকা চিকিৎসক আৰু চিকিৎসাকর্মী সকল বিভিন্ন সময়ত আক্ৰমণৰ বলি হ’বলগীয়া হৈছে। তেনে এক ঘটনা সংঘটিত হৈছে হোজাই জিলাত। ক’ভিড ৰোগীৰ চিকিৎসা সেৱাত নিয়োজত এজন চিকিৎসক পুনৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে।

হোজাইৰ ওদালি আদৰ্শ চিকিৎসালয়ত ডাঃ সেউজ সেনাপতি নামৰ এজন চিকিৎসকক আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে চিকিৎসক সকলে। ৰাজ্যজুৰি আজি চিকিৎসকৰ ওপৰত চলা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসক সকলে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলেও প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক : চিকিৎসক আক্ৰমন ঘটনাৰ প্ৰতিবাদত মানকাচৰৰ বিভিন্ন ঠাইত চিকিৎসকসকলে কলা বেজ পৰিধান কৰি নিজৰ দায়িত্ব পালন

আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসাকর্মী সকলে ক’লা বেজ পৰিধনা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু চিকিৎসাকর্মী সকলে অতি শীঘ্ৰে ডাঃ সেউজ সেনাপতিক আক্ৰমণ কৰা ব্যক্তি সকলক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,279 other subscribers

Leave a comment

Leave a Reply