গুৱাহাটী : দীপৰ বিলত বন বিভাগৰ ‘আজাদী কা অমৃত মহোৎসৱ’। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। দীপৰ বিলৰ মেটেকে পৰিষ্কাৰ কৰে মন্ত্ৰী গৰাকীয়ে।

‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ অন্তৰ্গত বন বিভাগে আজি দীপৰ বিলত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। দীপৰ বিল সংৰক্ষণৰ লগতে পক্ষী অভয়াৰণ্যখন স্বচ্ছ কৰি ৰখাৰ বাবে বন বিভাগে দীপৰ বিলত এক স্বচ্ছ অভিযান চলায়।

বন বিভাগৰ এই স্বচ্ছ অভিযানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দীপৰ বিলৰ মেটেকে পৰিষ্কাৰ কৰে। বনমন্ত্রী গৰাকীৰ লগতে বন বিভাগৰ লোক, স্থানীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰী সকলো অংশগ্ৰহণ কৰে এই স্বচ্ছ অভিযান কাৰ্যসূচীত।

লগতে পঢ়ক : বিবিচিআইৰ সঞ্চালকে মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে অংক’ল’জী বিষয়ক এখন গ্ৰন্থ

অসমৰ এজমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিলক প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে বনমন্ত্ৰী গৰাকীয়ে। দীপৰ বিলৰ পৰাৰ ডাম্পিং গ্ৰাউণ্ড বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰি দীপৰ বিলক প্ৰদূষণ মুক্ত কৰা হ’ব বুলিও জানিবলৈ দিয়ে বনমন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply