আমিনগাঁও : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মুহূৰ্ত স্মৰণীয় কৰিবৰ বাবে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইয়াৰে অংশ হিচাপে আজি অভিযানৰ কামৰূপ জিলা অভিযান পৰিচালনা গোটে দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত জিলাখনত তিনিখন সমাৱেশ শিবিৰ অনুষ্ঠিত কৰে৷ জিলাখনৰ বকো, ছমৰিয়া আৰু ৰামপুৰ খণ্ড অভিযান পৰিচালনা গোটত এই সমাৱেশৰ আয়োজন কৰা হয়৷

এই সমাৱেশত সংশ্লিষ্ট উন্নয়ন খণ্ড কেইটাৰ খণ্ড উন্নয়ন বিষয়াসকল, এএছআৰএলএমৰ কৰ্মচাৰীসকল, সামাজিক সমল ব্যক্তিসকল, আত্মসহায়ক গোটৰ সদস্যাসকল আৰু গ্ৰাম্য যুৱক-যুৱতীসকল উপস্থিত আছিল৷ ইয়াৰ উপৰি শিবিৰবোৰত চাৰিটা প্ৰকল্প ৰূপায়ণ কাৰী সংস্থা ক্ৰমে কুৱেছ কৰ্পৰেশ্যন প্ৰাইভেট লিমিটেড, এভিটাছ ইণ্ডিয়া পেষ্ট মেনেজমেণ্ট প্ৰাইভেট লিমিটেড, ফৰ্মেক আৰু দীনবন্ধু ফাউণ্ডেচনৰ প্ৰতিনিধিসকল উপস্থিত থাকে৷

মুঠ ৯৪ গৰাকী গ্ৰাম্য যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই সমাৱেশত দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত তেওঁলোক কেনেদৰে উপকৃত হ’ব পাৰে সেই সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়োৱা হয়৷ তদুপৰি সমাৱেশত ভাগ লোৱা প্ৰকল্প ৰূপায়ণ কাৰী সংস্থকেইটাই তেওঁলোকৰ কেন্দ্ৰত উপলব্ধ বিভিন্ন শিতান সম্পৰ্কতো অৱগত কৰে৷ উল্লেখযোগ্য যে দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা হৈছে ভাৰত চৰকাৰৰ এখন যুৱ নিযুক্তি আঁচনি৷ ইয়াক ২০১৪ চনৰ ২৫ ছেপ্টেম্বৰত গ্ৰাম্য দৰিদ্ৰ যুৱক-যুৱতীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী আৰু বিশ্বব্যাপী প্ৰাসংগিক কৰ্মশক্তিলৈ ৰূপান্তৰ কৰাৰ দৃষ্টিৰে আৰম্ভ কৰা হৈছিল৷

লগতে পঢ়ক : কাইলৈ প্ৰকাশ পাব নতুন SOP, আন্তঃজিলা যাতায়াতত থাকিব কিছু ৰেহাই

১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে৷ ডিডিইউ-জিকেৱাই হৈছে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ এটা অংশ৷।ব্যৱহাৰিক আৰু গঠনমূলক কাৰ্যসূচীৰে অনুষ্ঠিত আজিৰ শিবিৰসমূহত উপস্থিত থাকি যুৱক-যুৱতীসকলে আঁচনিখন সন্দৰ্ভত অৱগত হৈ যথেষ্ট উৎসাহিত হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply